মধ্যে গায়ত্ৰী ছন্দ, মাসমধ্যে মাৰ্গশীৰ্ষ, ঋতুমধ্যে বসন্ত, বঞ্চকৰ সম্বন্ধি দূতা, তেজস্বীৰ প্ৰভাব, জেতাসবৰ জয়, ব্যবসায়ীসবৰ উদ্যম, সাত্বিকৰ সত্ব, বৃষ্ণিবংশৰ যি মঞি তুমাক উপদেশ দেঞ সেই বাসুদেব।
ঈশ্বৰ কৃষ্ণৰ মনুষ্যৰূপক কহিছাঁ বুলি ভাস্কৰী টীকাত কহিছা। পাণ্ডৱমধ্যে তুমি অৰ্জ্জুন, মুনিৰ মধ্যত ব্যাস, জ্ঞানীৰ মধ্যত শুক্ৰ, দমন কৰন্তাৰ সম্বন্ধি দণ্ড, যি দণ্ডে অসংযতো সংযত হয়। জনিবে ইচ্ছা কৰন্তাৰ জয়, গুহ্যৰ সম্বন্ধি মৌনবচন, যাতে মৌনে বহিলে অভিপ্ৰায় নুবুঝি, জ্ঞানৱন্তৰ জ্ঞান, সকলভূতৰে উৎপত্তিহেতু বীজ, যাতে মঞি বিনে যি জন্ম হৈবে সি চৰাচৰ প্ৰাণী কিছো নাই। উপসংহৰি কহন্ত। অনন্তপদে বিভূতিসব নিঃশেষে কহিবে শক্য নহে। এই বিস্তৰ বিভূতিক সঙ্ক্ষেপে কহিলোঁ। পুনু অৰ্জ্জুনৰ আকাঙ্ক্ষা দেখি কিছো বিস্তৰে কহন্ত। যাক যাক ঐশ্বৰ্য্যৱন্ত শ্ৰীমন্ত, ধনৱন্ত, প্ৰভাবৱন্ত, গুণৱন্ত প্ৰাণী দেখা, তাক মোৰ বিভূতি বুলি জানিবা। বিস্তৰ পৃথক জ্ঞানত তুমাৰ কি কাৰ্য্য৷ সকল জগতকে মঞি একে অংশে প্ৰবেশ হুয়া ধৰিছোঁ। মোত ব্যতিৰেকে কিছো প্ৰাণী নাই। এতেকে সবাতে মোক দেখা৷ ইন্দ্ৰিয়ৰ দ্বাৰায় চিত্ত বিষয়ক যাইতেও ঈশ্বৰ দৃষ্টি বিধাৰণৰ অৰ্থে দশম অধ্যায় বিভূতি কহিলা।
ইতি শ্ৰীভগৱদ্গীতাকথায়াং বিভূতিযোগোহনাম দশমোহধ্যায়ঃ॥ ১০॥
হে সাধুসব দেখ, প্ৰাণীত অবজ্ঞা উপেক্ষা দ্বেষ নিন্দা যাৱে থাকে