পৃষ্ঠা:কথা-গীতা.djvu/১১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নবম অধ্যায়। উদাসীন হেন থাকে, কেৱল উদাসীন হৈলে কৰ্ত্তা নঘটে। কৰ্ত্তা হৈলেও উদাসীন নহে, এতেকে উদাসীন হেন থাকে, এই অৰ্থকে স্পষ্ট কৰন্ত। মঞি অধিষ্ঠাতা নিমিত্ত হৈলে প্ৰকৃতি চৰাচৰ জগতক প্ৰসৱ কৰে; এই হেতু জগত পুনু পুনু জাত হয় : সন্নিবি মাত্ৰে অধিষ্ঠান কৰে৷ পদে কৰ্ত উদাসীন দুয়ো সটে। যদি বোলা এমন পৰমেশ্বৰক কিয় কতোসবে আদিৰ নকৰে, ভাত শুনা। সৰ্বভূত মহেশ্বৰৰূপ মোৰ পৰমতত্ত্ব নজানি মূসবে মোক অবজ্ঞা কৰে। যাতে শুদ্ধসত্বময় তনু হুয়ো ভক্ত ইছায়ে মনুষ্য আকাৰক আশ্ৰয় কৰিছে। মোত অন্য দেবতান্তৰক “ন্ত্ৰি ফলপ্ৰদ মানি বিফল আশা কৰ ব্যৰ্থকৰ্ম্মসৰ আচৰি ফলশূন্য কুতৰ্কশিত জ্ঞানক অভ্যাসি, বিক্ষিপ্ত চিত্ত হুয়া কামক্ৰোধাদযুক্ত বুদ্ধিভ্ৰংশকৰ অসুৰ ৰাক্ষসৰ হেন ৰাজস তামস স্বভাৱক আশ্ৰয় কৰি মোক আদিৰ নকৰে। | যদি বোলা বে তুমাক কোনে ভজে তাত শুনা। কামক্ৰোধে যাৰাৰ চিক অভিভব নকৰে, সেই মহাত্মাসবে দেৱৰ হেন সাকি স্বভাবক আশ্ৰয় কৰি, অন্য দেৱাদিত মন নেদ, জগতৰ কাৰণ অব্যয় নি) মোক ভজে। তাৰাৰ ভজনৰ প্ৰকাৰ কহন্ত। কতোসবে দৃঢ় বিশ্বাসে সততে কীৰ্ত্তন কৰি মোক উপাস কৰে; কতোসবে মোৰ গৃহ নিৰ্মাণ কৰি প্ৰতিমা থাপি দণ্ডছত্ৰসিংহাসনাদি দিয়া ধনধান্য সমৰ্পি গ্ৰাম ভূমি নিবেদি সদাই সেবা কৰে; কতোসবে মোক নানা শাস্ত্ৰে বিচাৰি হৰিসেবা সৰ্বসম্মত জানি নিৰন্তৰে ভজে; কতোসবে স্বহস্তে হৰি-