পৃষ্ঠা:কঃ পন্থাঃ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
কঃ পন্থাঃ

অজ্ঞানৰ লগত থকাৰ দ্বাৰাই আমি নৰপশু হৈহে থাকিব লাগিব। অগ্নিয়ে যেনেকৈ সমীধ অৰ্থাৎ কাষ্ঠ দাহন কৰে, জ্ঞানীসকলেও জানাগ্নিৰ দ্বাৰা পূৰ্ব্বপ্ৰচলিত কুপ্ৰথাবিলাকক দাহন কৰে। এই কাৰণে আজিকালিৰ আমাৰ শিক্ষিতলোক আৰু যুৱকসকলৰ আমি জাতৰ বতৰা নিয়া, তেখেতসকলে যোৱা বাটটি ন্যায়সঙ্গত দেখিলে তাক নিন্দা কৰা আমাৰ মূৰ্খতাৰ কাৰ্য্য। বিশেষকৈ স্বদেশ-প্ৰেমিক পৰোপকাৰী আৰু দেশ সমাজ আৰু জাতিৰ ধাৰক লোক সকলক আমি ঋষি ভাবি প্ৰমাণ কৰিম। তেখেতসকলে আমাৰ দৰে জাতৰ বিচাৰ ৰাখিব নোৱাৰে কাৰণ ঋষি হলেই যাদৱা হৈ পৰে। এতেকে যাদৱাৰ জাত জ্ঞানে পতা জাত। তেনে জাতক অৰ্থাৎ যাদৱাক আমি ঘিণ নকৰি আমাৰ লগত ৰাখিলেহে পিছে সেইসকলে আমাৰ ভিতৰত বিজুলী-বন্তি লগাই পোহৰ দি সকলোৰেই অজ্ঞানতাৰূপ অন্ধকাৰ গুছাব পাৰিব। যাদৱাক আমি ঘিণ কৰা উচিত নহয় কিন্তু জধবাক হলে সকলোৱে ঘিণ কৰা উচিত এনেবিলাক মানুহকেই জধবা বোলে যিসকলে জাতি সমাজ আৰু দেশৰ দ্ৰোহ চিন্তা কৰে; যিসকলে ইটিয়ে সিটিক টুটকীয়া লগাই আমাৰ ভিতৰত একতা থাকিব দিব নোখোজ! এনেবিলাক মানুহকেই জধবা বোলে, যিসকলে ধৰ্ম্মাধৰ্ম্ম বিচাৰ নকৰি নিজ স্বাৰ্থসিদ্ধিৰ কাৰণে স্বজাতি-স্বদেশৰ অনিষ্ট কৰে। এনেবিলাক মানুহেই জধবা যি মিছা কথা, মিছা সাক্ষী কয় আৰু মিছা মোকৰ্দ্দমা কৰে। জধবা স্বভাৱৰ মানুহ নানা বিধ—লেতেৰা-পেতেৰা হৈ থকা আৰু খোৱাকো জধবা বোলে। ঘাইকৈ চুৰ কৰি ডকা দি ফাটেক খটা মানুহক অতিকৈ জধবা কয়। যাৰ স্বভাৱ সদায় মদ-বেশ্যাত ৰত থাকে এনে নানা বিধৰ জধবা মানুহক আমাৰ সমাজে জাত