নিৰামিষ। ৰাজকীয় আহাৰ মাছ মঙহ ইত্যাদিৰ। তামসিক আহাৰ সাধাৰণ বস্তুৰ। জ্ঞানী সৰ্ব্ব শাস্ত্ৰদৰ্শী বামুণসকল হৈছে ধৰ্ম্মগুৰু, ব্যৱস্থা-কাৰক, আৰু জাতি সমাজৰ নিয়ামক। এই নিমিত্তে তেখেত সকলৰ সাত্বিক আহাৰ; যুজাৰু, ৰজা, জাতিৰক্ষক ক্ষত্ৰিয়ৰ ৰাজসিক আহাৰ, কোৰমৰা হালোৱা, বাণিজ্য ব্যবসায় কৰা বৈশ্যৰো একে। ভাৰবোৱা, মোটৰি শোৱা, দাস কাম কৰা অজ্ঞান শূদ্ৰৰ তামসীক আহাৰ। কাৰো হাতে ৰন্ধা, বামুণে নোখোৱাৰ উদ্দেশ্য তেখেতসকলে নিৰামিশ আহাৰ খায়। ইয়াৰ বাহিৰে নিৰামিষ আৰু সামিষ আহাৰী সকলে প্ৰবৃত্তি জন্মিলে যাৰে তাতে খাওক তাত একো নিষেধ নাই আৰু তাৰ বাবে জাতো নেযায়। এয়ে হৈছে শাস্ত্ৰৰ মত। খোৱা শোৱাত জাত যোৱা সম্পৰ্কে মই আৰু বেচি কথা নকওঁ। কিয়নো জ্ঞানৰ বিজুলী বন্তি সকলোকে পোহৰ কৰাকৈ পূৰ্ব্বৰ আৰ্য্য ঋষি সকলৰ দৰে বা বৰ্ত্তমান য়ুৰোপ আদি সভ্যজগতৰ মানুহৰ দৰে আমি লগাবলৈ এই পৰ্য্যন্ত শিকা নাই। কিন্তু শিকিবৰ মন আছে গতিকে এতিয়া অলপ ঠাইত অলপ পোহৰ দিয়াকৈ “লেনটেন্” জ্বলাব শিকিছোঁ, এই কাৰণে গোটেই জাতিটিকে চেষ্টা কৰি যেতি- য়াকৈ বিজুলী বাতি লগাই কৰিবলৈ শিকাব নোৱাৰি তেতিয়ালৈকে আমাৰ ৰাইজসকলে জ্ঞানৰ লঘু ভাৰখনিক লবলৈকেহে পোনতে অভ্যাস কৰোক। জাতিভেদ নাৰাখিবলৈ শিকোৱা পোনৰ লঘুভাৰ হৈছে, মানুহক মানুহে ঘিণ কৰিবলৈ কুঅভ্যাস এৰা, হৃদয়ত প্ৰেমক অৰ্থাৎ দয়া মোহক থানিকা দিয়া, আৰু কৰ্ম্মবীৰ, জ্ঞানবীৰ, ধৰ্ম্মবীৰ এনে দেশ প্ৰেমিকসকলে যাৰে হাতে, যতে তেখেতসকলৰ প্ৰবৃত্তি অনুসাৰে খাওক নাখাওক তাক আমাৰ বিচাৰ কৰিবৰ প্ৰয়োজন নাই, কাৰণ সেইসকলক আজি সমাজচ্যুত কৰিলে, জ্ঞানক বাদ দি
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৬৪
অৱয়ব