নে? বামুণ আৰু কিছুমান কলিতা মানুহে গোট খাই উজনীৰ
ফালে চাপৰি এডোখৰত বহু বছৰ পূৰ্ব্বে সৰিয়হতলী মাটি এডোখৰ লৈছিল, তাৰ লগতে জনদিয়েক গোসাঁইও আছিল। আমাৰ
মানুহৰ সংখ্যা এশতকৈ কম নহয়। এই মখা মানুহৰ সৰিয়হতলী
মাটিবিলাক পাচোঁতা মিৰি মানুহে এটৌ ভাতৰ পোতনি লৈ
তেখেতসকলৰ গালৈ ছটিয়াই দিয়াৰ আয়োজন কৰিব ধৰোতে,
সেই এশমান মানুহ কেনি লৰমাৰি পলালে যে দেখি আচৰিত!
পিছে এইদৰে মিৰিয়ে মাটিখিনি কাঢ়ি লৈ তাত সৰিয়হ বৈ ধন
কমালে। এনে সাহ-পিট নথকা মানুহৰ জাত মিৰিৰ ভাতৰ
পোতনিয়ে মাৰিব পৰা কিবা জাত আছেনে? সত্যৰ সেৱা আৰু
তাক জানিব পাৰে কেৱল সাহসী বীৰে যে তাৰ ভুল নাই আৰু যাৰ
ভয় নাই সেয়েহে সত্যত আশ্ৰয় লব পাৰে, তাৰহে সত্যৰ কাৰণে
মৃত্যুভয়ক তুচ্ছ কৰি প্ৰাণ বিসৰ্জ্জন দিয়া সহজ কথা। এনে মানুহ থকা
জাতিয়ে হে নিজৰ আত্মসম্মান ৰক্ষা কৰি স্বাধীন জাতিহৈ থাকিব
পাৰে। এনে জাতিয়ে হে ধৰ্ম্ম ৰক্ষা কৰিব পাৰে আৰু এনেকুৱা জাতিকহে
জাতমানৰক্ষাকাৰী ধৰমী জাতি বোলে। ভীৰু বা কাপুৰুষ জাতিৰ
কি ধৰ্ম্ম আছে ৰাইজসকল কওকচোন! ভীৰুৰ কোনো ধৰ্ম্মই নাই,
এই কাৰণে এজন পণ্ডিত চাহাবে কৈ গৈছে “God never menifest to a coward” অৰ্থাৎ ঈশ্বৰ ভীৰু বা কাপুৰুষত কেতিয়াও
প্ৰতিফলিত নহয়। মিছাত আশ্ৰয়লোৱা ভীৰুৰ স্বভাৱসিদ্ধ কাপুৰুষতাই কেতিয়াও সত্যক গ্ৰহণ কৰিবলৈ দিব দিয়া নাই। আমি
ভীৰু দেখি যিবিলাক দেশাচাৰে আমাক উধাবলৈ দিয়া নাই আৰু
সেইবিলাক যে আমাৰ পৰম অপকাৰী তাক জানি বুজিও মূৰ্থ অজ্ঞানী
মানুহবিলাকে কি বোলে তালৈ ভয় কৰি এৰিব পৰা নাই। সমাজ
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৪১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
কঃ পন্থাঃ