পৃষ্ঠা:কঃ পন্থাঃ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
কঃ পন্থাঃ


গুৰুৱেই কৌৰব-পাণ্ডৱক যুদ্ধ-বিদ্যা শিক্ষা দিছিল। বামণৰ তেতিয়া অকুতোভয় আছিল। প্ৰহ্লাদে দিগ্বিজয় কৰিবলৈ যাওতে নৰ আৰু নাৰায়ণ দুজন ঋষিয়ে যেতিয়া নৈ এখনৰ ওচৰত বহি তপস্যা কৰি আছিল, তেতিয়া প্ৰহ্লাদে ব্ৰাহ্মণ দুজনক অস্ত্ৰ-শস্ত্ৰেৰে সুসজ্জিত থকা দেখি ভণ্ডামী কৰি ক্ষত্ৰিযই ব্ৰাহ্মণ ভেশ ধৰি তেওঁৰে সৈতে যুজ কৰিবলৈ বাট চাই আছে হেন ভাবি ভণ্ডতপস্বী বুলি তেখেত সকলক ঠাট্টা কৰি সম্বোধন কৰিলে আৰু সুধিলে যে তপস্বী হলে যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ তেখেতসকলে কি বাবে ৰাখিছে? এই কথা শুনি নৰঋষিয়ে উত্তৰ দিলে “অগ্ৰতঃ চত্বৰো বেদাঃ, পৃষ্ঠতঃ শৰাধনুঃ উভভ্যাং হি সমৰ্থোহং শাপাদপি শৰাদপি” অৰ্থাৎ আগতে আমাৰ হাতত চাৰিখন বেদ পিঠিত ধনুশৰ, আমি শাপ দি হওক ধনুশৰেৰে যুদ্ধ কৰি হওক, যাকে তাকে জয় কৰিবলৈ সমৰ্থ। শাপ দিয়া মানে অকল শাও দিয়াক নুবুজায়, ঘাইকৈ, খং-ৰাগ, তৰ্জ্জন-গৰ্জ্জন, ধমক দিয়াকহে বুজায়। যেনে আজিকালি আমাক চাহাব এটাই খং কৰি ধমক দিলে বা তৰ্জ্জন-গৰ্জ্জন কৰিলে আমি জইপৰি যাও- হক আৰু আমাৰ সাহ-পিট ভস্ম হৈ পৰে এনে কথাকে তেতিয়া- দিনৰ বামুণে শাও দি ভস্ম কৰা বুলিছিল। যেতিয়া ভাৰতৰ বামুণ এনে বলবান আৰু তেজীয়ান আছিল তেতিয়া হিন্দুৰ জাত আছিল। এতিয়া আমাৰ জাত ব্ৰাহ্মণে কুচ্ছিৎ দেশাচাৰক ধৰি যেতিয়াৰে পৰা নিজে অধঃপতিত হল তেতিয়াৰেপৰা গল আৰুনো এতিয়া আমাৰ জাত যাবলৈ তল খাপত কিবা জাত আছে নে? এটি মছলমান বা আন জাতিৰ মানুহে আমাক অপমান কৰিলে যিস্থলত আমাৰ জাত যায় বুলি বা কেনেবাকৈ লগুণডাল চুই দিয়ে বুলি ভয়ত পলাই-পত্ৰং মাৰে, এনে ভীৰু মানুহৰ কিবা জাত আছে