পৃষ্ঠা:কঃ পন্থাঃ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
কঃ পন্থাঃ


আমালৈ ইমানদিন সুব্যৱস্থা নকৰি আমাক আভুৱা কৰি ৰখাৰ বাবে আমি বুজি নাপাইছিলো যে নেপালৰ যৈষী বা ষোষী বামুণৰ উৎ- পত্তি তাৰমানে স্ত্ৰী গোত্ৰী। আমি বৰিয়াবিলকো স্ত্ৰী গোত্ৰী বামুণ। যোষী বামুণে লগুণ লয়, উপনয়নো কৰে অৰ্থাৎ লগুণ দিয়নী পাতে আৰু বামুণৰ দৰে নামকৰণ, চুৰাকৰণ আদি দশ কৰ্ম্মও কৰে, গায়ত্ৰী মন্ত্ৰ জপ কৰে, সন্ধ্যা পূজা কৰে আমিও তেনে কৰিব পাৰোঁ। নেপালৰ উপাধ্যায় বামুণসকলে, যোষী বামুণক আমাৰ বৰিয়া মানুহক বামুণে অপৱিত্ৰ ভাবি ঘিণ কৰাৰ দৰে ঘিণ নকৰে। সিহঁতৰ হাতে ৰন্ধাভাত খোৱাৰ বাহিৰে উপাধ্যায় বামুণ আদিয়ে জলপান খায়। আমাৰ মানুহক যদি গোসাঁই বামুণসকলে যোষী বামুণৰদৰে ব্যৱহাৰ কৰি তেখেতসকলৰ বিধবা ছোৱালী বিলা- কক আমাক বিয়া কৰাবলৈ দিলেহেতেন তেনেহলে সমাজত এনে বিলাক ঘৃণনীয় মহাপাপ কেতিয়াও নোসোমালহেঁতেন। অসমীয়া মানুহে বঙ্গদেশৰ কুচ্ছিৎ আচাৰ নিয়মৰ আৰ্হি লৈ আজিকালি নিজত্বক এৰি পৰত্বক ধৰি তললৈ নামিব খুজিছে। নেপাল দেশৰ যোষী বামুণৰদৰে আসাম দেশতো বৰিয়া বামুণৰ সৃষ্টিৰ মূলত এই ভাব আছিল যে তাৰ ভুল নাই। বঙ্গদেশখন ভালদৰে গণি পিটিকি চালে একপ্ৰকাৰ অনেক পতিতা তিৰোতা থকা দেশ বুলিলেও বঢ়া কথা কোৱা নহয়, কাৰণ হিন্দু শাস্ত্ৰমতে এজনী বিবাহিতা তিৰোতাক ধৰ্ম্মপত্নী বোলে, ধৰ্মপত্নী থাকোতে আৰু এজনী বিয়া কৰাই আনিলে তাইক কামপত্নী বোলে। ইয়াৰ বাহিৰে যিমান সৰহ পত্নী অনা হয় সেইসকল হিন্দু শাস্ত্ৰমতে আৰু নীতি ধৰ্ম্মমতে বিবেক চকুৰে চালেও বেশ্যা স্ত্ৰী তুল্যা গণ্যা হয়। এতেকে দেখা যায় বঙ্গদেশৰ দেশাচাৰ কুলীন প্ৰথামতে একো একোটি কুলীন