পৃষ্ঠা:কঃ পন্থাঃ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কঃ পন্থাঃ


লাগি আনন্দ মনেৰে সুখে স্বচ্ছন্দে জীৱিকা আৰ্জি খাইবই থাকে আৰু তাৰ ভিতৰত কোনো পণ্ডিত বামুণ থাকিলে আমালোকৰ বৰিয়া জাতৰেই পুৰোহিত কাম কৰি গণ্যমান্য হৈ থাকে কিন্তু আজি- কালিৰ দিনত সিকথা প্ৰায়ে গুচিল। আমাৰ অসমীয়া গোসাঁই বামুণ আদিয়ে আগৰ এনে সুন্দৰ প্ৰথাটি এৰি এতিয়া সুন্দৰী সুন্দৰী আৰু উচ্চবংশৰ পৰম সুন্দৰী ছোৱালীবিলাকক বঙ্গদেশৰ কুপ্ৰথা অনুসৰণ কৰি পুৰুষটিক আমাৰ বৰিয়া জাতলৈ ননমাই ছোৱালীজনীক বেশ্যা হবলৈ ঘৰৰপৰা খেদি দিয়ে। বঙাল দেশ- খন সম্ভবতঃ এই কাৰণেই বেশ্যাৰে ভৰা। এতিয়া আমাৰ দেশ আৰু সমাজেও বিধৱা ছোৱালীবিলাকক পতিতা হলে ঘৰৰ পৰা খেদাই দিয়াৰ কাৰণে আগৰ বেশ্যা নথকা আসাম দেশখনত আজিকালি বামুণৰ বিধৱা বেশ্যাৰ দ্বাৰা ভৰি আহিব ধৰিছে। গুৱা- হাটীৰ কুমাৰ গাওঁ (?) আৰু উজনীৰ চাহ বাগিছা, ৰেল ষ্টেশ্যন প্ৰভৃ তিত পতিত বিধৱা পৰমা সুন্দৰী ছোৱালীবিলাকৰ অৱস্থা দেখিলে যাৰ হৃদয় আছে তেওঁ নাকান্দি থাকিব নোৱাৰে। হায়! এনে হেন সুন্দৰী ছোৱালীবিলাক অসামৰ কিমান যে সুসন্তানৰ মাক হলহেঁতেন অথচ নিষ্ঠুৰ সমাজৰ দোষত সিহঁত বহু পুৰুষৰ পশুবৎ ভোগ্যাবস্তু হৈ উঠিছে আৰু সিহঁতৰ পিতৃপুৰুষক নৰকগামী কৰিছে। এই বিলাক ছোৱালীক যদি আমাৰ বৰিয়াৰ ডেকা লৰা- বিলাকতে দি পেলালেহেঁতেন তেনেহলেও এনে দৰে সমাজ কেতি যাও কলঙ্কিত নহলহেতেন দেশত গৰ্ম্মী, ধাউত আদি (Venereal disease) পাপ বেমাৰৰ উৎপত্তি হৈ অনেক ডেকালৰাক আৰু তেওঁ- লোক ভবিষ্যৎ বংশক সৰ্ব্বনাশ নকৰিলেহেঁতেন। আমি বৰিয়া জাতৰ মানুহ বিলাকো তলখাপৰ বামুণেই, গোসাঁই বামুণসকলে