পৃষ্ঠা:কঃ পন্থাঃ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
কঃ পন্থাঃ


আৰু স্বামীপক্ষৰ দুয়ো ফালৰ সাত পুৰুষক নৰকত পেলোৱা নহয় নে? কন্যা বেশ্যা হলে সাত পুৰুষ নৰকগামী নহয় নে? গোসাঁই বামুণ, মহন্তৰ জীয়ৰীক জাহাজৰ খালাচি আদি আন ইতৰ জাতৰ মানুহে নিয়াটোতকৈ লাজ অপমানৰ কথা আছেনে? আৰু ইয়াতকৈ পৃথিবীত মনুষ্য জাতিৰ ভিতৰত নিষ্ঠুৰ কাম কি হব পাৰে তাক ভাবি চোৱাচোন। একো একোজনী গোলাপ ফুলটি ফুটাৰ দৰে সৌন্দৰ্য্যেৰে ভৰা গোসাঁই বামুণ আৰু মহন্তৰ বিধৱা ছোৱালীক কোনে নিয়ে, হয় কোনোবা এটা চাহাবে কিছুদিন তাৰ ইন্দ্ৰিয় তৃপ্তি কৰাৰ অৰ্থে ৰাখি পিছে তেওঁ বিলাতলৈ গুচি যায়। সেই বিধৱা ছোৱালীজনীয়ে অৱশেষত উপায়ান্তৰ নাপাই জীৱিকা অৰ্থে বেশ্যাবৃত্তি অৱলম্বন কৰি জীৱন-লীলা সামৰণ কৰে। এইদৰে কত যে ওখ বংশৰ গোসাঁই বামুণ মহন্তৰ ছোৱালী বিলাক বিধৱা হৈ পোনতে পুৰুষৰ প্ৰলোভনত পৰি পাৱ পিছলাৰ হেতু, দ পাপৰ গাতত পৰি পিছে তাত যে জহি খহি মৰিছে, এই কথা এবাৰ মনলৈ আনিলেই হৃদয় থকা মানুহে সহিব নোৱাৰা হৈ পৰে। পুৰুষবিলাকে যে এনে পাপ কিমান কৰে তাক সকলোৱে নিজে নিজে বিচাৰ কৰি চাওক, কিন্তু পুৰুষসকলক হলে সমাজে শাস্তিও নিদিয়ে আৰু দোষৰ ভাগীও নকৰে। ঘৰত যুৱতী বিধৱা ছোৱালী লৰা ডেকাহৈ আবিয়ৈ অৱস্থাত আছে আৰু বা নিজৰ ডেকা লৰাটিলৈকো জীয়েকৰ বয়সৰ এজনী বোৱাৰী ছোৱালী বিয়া কৰাই অনা হৈছে, এনে স্থলত সিহঁতৰ মাতৃ পৰলোকগামী হোৱাৰ অলপ দিনৰ পিছতে গোসাঁই বামুণ আদি উচ্চ জাতৰ কোনো কোনো বুঢ়া পিতৃয়ে নিজৰ ঘৰত থকা বিধৱা ছোৱালী বা বোৱাৰীজনাতকৈ বয়সত সৰু ছোৱালী বিয়া কৰাই গৃহবাস পতা কামটি লজ্জাহীন আৰু অতি