বেশ্যাক বিক্ৰী কৰাৰ তুল্য নহয়নে? যুৱক যুৱতীৰ ভিতৰত প্ৰেম
জন্মি বিয়া হোৱা কথাটিকহে আচলতঃ বিয়া বোলা যায়। ছোৱালী-
জনীয়ে বিয়ানো কিহক বোলে তাক নজনা অৱস্থাত তাইক ধৰি
বিয়া দিয়া প্ৰথা কোনো মানৱ জাতিৰ ধৰ্ম্ম-শাস্ত্ৰত নাই। এনে
অলপ বয়সতে, পাত্ৰটি ৰোগীয়া নে ঘুণীয়া তাক নাচাই নিচিন্তি
গোসাঁই বামুণ আৰু কায়স্থ ছোৱালীবিলাক বিয়া দিয়াৰ কাৰণে
সিহঁতে বিধবা হৈ বিধবা যন্ত্ৰণা ভোগ কৰা এটি ঘাই কাৰণ নুবুলি
নোৱাৰি। সন্তান জন্ম নোহোৱা বাল-বিধবাবিলাক গোসাঁই বামুণ
আদিয়ে পুনৰায় বিয়া নিদিয়াৰ দোষত হিন্দু-সমাজ যে কিমান
তললৈ গৈছে তাক এবাৰ ভাবি চালেই মনত দুখ-বেজাৰে খুন্দা
মাৰি ধৰে। এই বিধবা অৱস্থাত থকা ছোৱালীবিলাকৰ ওপৰত
গোসাই বামুণ আদিৰ সমাজ যে ইমান নিষ্ঠুৰ তাক এবাৰ ভাবি
চালে গা শিয়ৰি উঠে। ছোৱালীক জ্ঞান শিক্ষা দিলে সংসাৰ ধৰ্ম্ম
সাধন অৰ্থে তাই যে অতি উপযুক্তা হয় তাক কোনে নাজানে।
তথাপি গোসাঁই বামুণ সকলে বিধবা ছোৱালীবিলাকক বিধিমতে
ব্ৰহ্মচৰ্য্য শিক্ষা নিদি অৰ্থাৎ সুন্দৰ ৰূপে কাম কৰি নিজে নিজৰ
জীৱিকা আৰ্জ্জি খাব নোৱাৰা কৰি ৰখাৰ দ্বাৰাই সমাজৰ যে
কিমান দুৰ্ণাম আৰু কলঙ্ক হৈছে তাক দেখিও তেখেতসকলে
দেখা নাই। যুৱতী বিধবা ছোৱালীক হয় পুনৰায় পৰাশৰ মতে
বিয়া দিয়া, নহয় সুন্দৰ শিক্ষা দি মানৱ ধৰ্ম্ম-পালনৰ উপযুক্ত কৰা।
ইয়াকে নকৰি যে অজ্ঞান অৱস্থাত বিধবা ছোৱালী বিলাকক জোৰ
জবৰদস্তি কৰি ঘৰত ৰাখি পিছে সিহঁতৰ কোনো কোনোৱে পুৰু
ষৰ প্ৰলোভনত পৰি ভৰি পিছলাৰ বাবে সিহঁতক যে সমাজচ্যুত
কৰি যথা ইচ্ছা তথা যাবলৈ খেদি দিয়া হয় ইয়াৰ দ্বাৰাই পিতৃ
পৃষ্ঠা:কঃ পন্থাঃ.djvu/২৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
কঃ পন্থাঃ