পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্থায়ী আৰু অন্তৰা / ৬৫
 


 কাকতখনত কেইবাটাও শিতান; সেই অনুপাতে ষ্টাফ কম। চাৰিদিনৰ ভিতৰত লে’- আউট হৈ যাব লাগে। পঞ্চমদিনালৈ ফাইনেল প্ৰুফৰিডিং সম্পূৰ্ণ হৈ ষষ্ঠদিনা বিতৰণৰ বাবে কাকত সাজু হৈ উঠে। কোনোধৰণৰ কাৰিকৰী বিজুতি নঘটিলে বুধবৰীয়া কাকত মঙলবাৰেই দোকানবোৰলৈ গৈ পায়।

  ইয়াৰ মাজতেই অৰ্থনৈতিক সমীক্ষাটোৰ পৰা আৰম্ভ কৰি ‘ব্যক্তি আৰু ব্যক্তিত্ব’ শিতানটোলৈকে কেইবাটাও পৃষ্ঠাৰ কাম আকুলে অকলেই কৰিবলগীয়া হয়। বৰঠাকুৰ ছাৰৰ অসুবিধা হ’লে কেতিয়াবা সম্পাদকীয়টোও লিখি দিবলগীয়া হয়। ওপৰঞ্চি দায়িত্বই আকুলক নিষ্ঠাবান কৰে ঠিকেই, কিন্তু সময় ক’ত! চিন্তা কৰিবলৈকোতো মানুহক অকণ নিজঞ্জাল সময় লাগে!

 ঘৰলৈ ওভাতোঁতে নিশা তাৰ পলম হয়। প্ৰথমৰ ফালে মামুৱে ভীষণ আপত্তি কৰিছিল। এইটো চাকৰি এৰি দিনতেই সামৰিব পৰা চাকৰি এটা বিচাৰি ল’বলৈ তাই তাক খাটনি ধৰিছিল। এতিয়া হয়তো তাই বুজি উঠিছে। পৰিস্থিতিটো তাই হয়তো চম্ভালি ল’বলৈ শিকিছে।

 খুব ভাল নালাগিলেও কাকতখনৰ পৰা অব্যাহতি লোৱাৰ উপায় আকুলৰ নোহোৱা হৈ পৰিছে। বৰঠাকুৰ ছাৰে শিকাই-বুজাই আকুলক কৰি তুলিছে এজন পেছাদাৰী সাংবাদিক। এতিয়া সি প্ৰথম পৃষ্ঠাৰ উপযোগীকৈ লিখিব পাৰে, পঢ়ুৱৈৰ প্ৰশ্নৰ উত্তৰ আৰু পৰামৰ্শ দিব পাৰে আৰু নিজৰ ইচ্ছাৰ বিৰুদ্ধে হ'লেও ৰাশিফলৰ শিতানটোতো কলম চলাব পাৰে।

 ৰাশিফল লিখিবলৈ প্ৰথমৰ ফালে আকুলৰ বেয়া লাগিছিল। মনটোৰ ক'ৰবাত যেন এটা মোচোকা খাইছিল। এতিয়া পঢ়ুৱৈৰ চাহিদালৈ লক্ষ্য ৰাখি, কাকতখনৰ প্ৰচাৰ সংখ্যাৰ হিচাপটো মনত ৰাখি আৰু বৰঠাকুৰ ছাৰৰ পৰামৰ্শ শিৰোধাৰ্য কৰি সি লিখি উলিয়ায়, কুম্ভঃ ব্যৱসায়ত মধ্যম, বিদ্যাৰ্থীৰ শুভাশুভ, পুৰণি ৰোগৰ সামান্য উপশমৰ সম্ভাৱনা, প্ৰেমত বাধা, কেতুৰ কোপদৃষ্টি, কিন্তু বৃহস্পতিৰ শুভযোগ, সোমে-শুক্ৰই পশ্চিমে যাত্ৰা পৰিহাৰ্য।

 কথাবোৰ নিমিলিবও পাৰে বুলি আশংকা কৰাৰ থল আছেনে? নাই, কোনো সুৰুঙাই নাই। সকলো যেন অৱলীলাক্ৰমে মিলি যায়। সকলো মিলি যোৱা যেন লাগে। নাই মিলা বুলি আজিলৈকে কোনেও ক’তো অভিযোগ কৰা নাই।

 মানুহবোৰলৈ আকুলৰ পুতৌ ওপজে।

 অৱশ্যে আজিৰ কামটো বেলেগ। আজি সি তাৰ ফাইলটোত সোমাই থকা অজস্ৰ চিঠি-পত্ৰৰ মাজৰ পৰা তিনি-চাৰিখন চিঠি নিৰ্বাচন আৰু সেইবোৰৰ সমাধানত ব্যস্ত হৈ

পৰিছে।