পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পােন্ধ আজি - তােমাৰ স্বৰ্ণ-পৰশে কুঞ্জে - কুটীৰে মহা হৰষে, কেনে - উৰিছে সত্য-পতাকা মহা - মূৰ্ত ৰুদ্র মানৱে কত - লুপ্ত ‘মনুষ্য-গৰৱে ধৰে - মঙ্গল মুক্তি-গীতিকা তৱ - পূত চৰণ-ৰেণু উদ্ভাসিত মন বিজন জীৱন ; হাঁহে -নবীন প্রেম-কিৰণ-সুখে’ কুঞ্জ-বিপিন-ভৱন। কিবা-অতীত স্মৃতি সুমৰি উঠে - প্রতি হিয়া আজি গুমৰি নাচে - ধৰণী-তৃণ-লতিকা ষােল তােমাৰ পূত সৌৰভ স্মৃতি-কণা, উথলিছে সউ যে সুদূৰ জিনা তাৰেই গােন্ধে ভৰপূৰ আজি বায়ু, তাৰেই বাণী প্রচাৰিছে কুলি কুউ ; তাৰে প্রতিধ্বনি গগন-পৱন চুমি বজায় নীৰলে হিয়া-উদগােৱা বীণা। ধন্য তৱ স্বদেশ-উন্নতি-ধ্যান, স্বদেশ-কল্পে উছর্গি দিলাঁ প্রাণ ; তুমি জ্ঞান-যােগী আদৰ্শৰ শিৰােমণি, সত্য কৰিম তােমাৰ অমৃত বাণী। লভিম মুকুতি জন্মভূমি পদে প্রেম-ৰেণু পৰিমল সনা।

যিদিনা শিৰত ভুবন-বিজয়ী-মালা পৰিল তােমাৰ অৰুণ-কিৰণ চলা। জননীৰ ভাষা নােলাল মুখত, কিহেৰে সাদৰি লবহি বুকত আকাশত যেন ঢিমিকি-টিমিকি, নাচিলে চপলা বালা।। বীৰ জননীৰ পৰাণ জুৰাই আছিলাঁ হৃদয়-আকাশ শুৱাই, আন্ধাৰ নভত শােভিত যিদৰে পুৱতী তৰাৰ খেলা।। সপােনৰ যেন সােণালী ৰেখাটি দিঠকত পৰি হেৰালে জেউতি ; তােমাৰ মধুৰ কল্পনা আৰাধি পাতিছোঁ আনন্দ-মেলা। S