এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অভিমানী সপোন
কজলা মেঘৰ শুকুলা প্ৰেম
মোৰ কেঁকোৰা চুলিত সপোনৰ ভেম
শব্দ নাই মাথোঁ ফুলা মুখ
চৰাই ডেউকাৰ ধপ্ধপনি তাতেই সুখ
সাৰুৱা মাটিত সময়ৰ খেতি
পকিলে নসৰে যায় উৰি
মোৰ দুভৰিয়ে খেদি ধৰিব নোৱাৰে সময়
দৌৰিও যে ক’ৰবাতেই পৰি ৰওঁ মই
সপোনবোৰ যে তাতেই পৰি ৰয়
জোনৰ পোহৰত তৰাৰ দৰে তিৰবিৰ্ কৰি ৰয়...।
মোৰ কেঁকোৰা চুলিত আৰু সপোনে বাঁহ নাবান্ধে॥
এখন উমাল চাদৰ/২৯