পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভগ্নসুৰ


ভগা গানৰ সুৰৰ টুকুৰাবোৰে
আমনি কৰেহি মাজে মাজে
দুৱাৰত খুন্দিয়ায় সিহঁতে
আঁতৰাই ঠেলি পঠিয়াওঁ মই সিহঁতক
নাহিবি ওচৰলে’ নাহিবি
বেজাৰ কঢ়িয়াব মাথোঁ তহঁতে
যাগৈ দূৰলে’ আঁতৰি
সিহঁতে কয়, নুবুজিবি কিয় আহোঁ
আমি আজিও তোৰ ওচৰলে’
আমাৰ অবিহনে কবি অসাৰ
ভালপোৱা অসাৰ
নতুন গানৰ সৃষ্টি আমি জীয়াই আছো কাৰণে
নতুন সুৰৰ জন্ম আমাৰ অস্তিত্বৰ কাৰণে
জীৱন যন্ত্ৰণাময়
তথাপিও সকলোৱে আশা বান্ধে
সুখেৰে জীয়াই থাকিবলে’
পৃথিৱীৰ প্ৰেমত আকৌ পৰিব বিচাৰে
নুবুজিবি তই
কেতিয়াও নুবুজিবি॥

এখন উমাল চাদৰ/২৮