এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এক সন্ধ্যা
সূৰ্যাস্ত হ’বলৈ ধৰাৰ
সেই বিষণ্নতা
ভাষায়ে উপায়হীন
তাক প্ৰকাশ কৰিবলৈ সমৰ্থৱান নোহোৱা॥
এক সন্ধ্যা
আৰু ইয়ে এক সত্য॥
বন্দীত্ব
ঠুনুকা মন
বেজাৰৰ বুকু
ক’লা আকাশে কান্দে
আস! এই চকুপানী
থমকি নৰয়
সময়বোৰো যেন ওলমিৰয়
ঘড়ীৰ টিক্টিক শব্দবোৰ
তাতেই বন্দী হয়
শীতল প্ৰাণহীন ৰাতি
কেনে ভয়াৱহ৷
হয়তো মৃত্যুতকৈও বেছি॥
এখন উমাল চাদৰ/১১