পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একসন্ধ্যা

এক সন্ধ্যা
ৰিঙিয়াই মতা
গম্ভীৰ শান্ত এক পৰিৱেশ
নিজৰ সৈতে পৰিচয় কৰাই দিয়া।।

এক সন্ধ্যা
কিছুমান গভীৰ কথা
মনৰ গহ্বৰৰ পৰা খান্দি উলিওৱা
লিৰিকি বিদাৰি চুই চোৱা
সেই নামহীন এক অতীত।।

এক সন্ধ্যা
এটোপাল চকুপানী
নিজৰ কাৰণে টোকা
বুকুত উজাই অহা বেদনাবোৰ
পুনৰ বাৰ প্ৰকাশ হ’বলৈ দিয়া।।

এখন উমাল চাদৰ/১০