পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুপৰৰ এছাটি বতাহ

সোণবৰণীয়া বালিৰ তপত স্পৰ্শ
আকাশত ৰ’দৰ জলমল
নদীৰ ঢৌৰ দুষ্ট খলকনি
বতাহেযে ভাকুটকুটাই চুলিটাৰি
লিৰিকি-বিদাৰি থৈ যায়
চুলিটাৰিক যে একোকে নালাগে
উন্মত্ত হৈ নাচিবলৈ পাই আজি
বতাহৰ প্ৰেমত বলীয়া
ৰ’দজাকক কুটুৰে
বতাহজাক আকৌ এবাৰ পঠাই দিয়ানা॥

এখন উমাল চাদৰ /৬