সমললৈ যাওক

পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভালপোৱাৰ সুগন্ধি বতাহ

ভালপোৱাৰ সুগন্ধি বতাহবোৰ
ইমান যে দুষ্ট!
নোৱাৰি যে ৰাখিব ধৰি
আঙুলিৰ ফাঁকেৰে লৰ মাৰে
দৌৰিও যে চুব নোৱাৰোঁ
তথাপিও যে এৰিব নোৱাৰোঁ
কি মায়াসনা এই বতাহ!
সকলোবোৰ পাহৰাই পেলায়
সময়বোৰো যে তাতেই ৰৈ যায়
চাৰিওদিশে যেন বসন্তকাল
তেজৰঙী কৃষ্ণচূড়াৰ ফুল
তলসৰা ফুলৰ দলিছাখনত
তাতেই যে লুকায় সুগন্ধি বতাহবোৰ
নোৱাৰি যে ধৰি ৰাখিব
নাথাকে যে ৰৈ...॥

এখন উমাল চাদৰ /৪