পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হুমুনিয়াহ

এটি দীঘল হুমুনিয়াহ
ভাবিছা নেকি হুমুনিয়াহে কথা নকয়
শব্দৰে নগঁঠা গোপন আৱেগবোৰ হুমুনিয়াহে কয়
এটি এটিকৈ
কিন্তু তাৰ বাবে লাগিব এখন বুজন হৃদয়

সহজ নহয়
কথা বোৰ সহজ নহয়
নৈশ নদীৰ ক’লাপানীত জোনৰ প্ৰতিবিম্বই
কক্‌‌বকোৱাৰ দৰে
আমিও কক্‌‌বকাও জীৱন নদীত আতুৰ হৈ...
অট্টহাস্য বাস্তৱৰ...
কথাবোৰ সহজ নহয়...
মৌন ওঁঠৰ গোপন বেথা হুমুনিয়াহে কয় এটি এটিকৈ...॥

এখন উমাল চাদৰ /৩