পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
ঊষা-হৰণ।

তাত পাছে কুমাৰে নমিলা দেৱগণ।
কৈলাশক গৈলা হৰগৌৰী তেতিক্ষণ॥২৪২
কুমাৰক আশ্বাসিয়া যত দেৱগণ।
ৰথে চড়ি গৈলা সবে আপোন ভবন॥
ঊষা লৈয়া কুমাৰ চলিলা নিজ ঘৰে।
চলিলা সকল দেৱ আপোন মন্দিৰে॥২৪৩
ইহলোকে শ্ৰীযুক্ত পৰলোকে গতি।
উষা হৰণৰ পদ ভৈলা সমাপতি॥
শুনা সভাসদ সবে এড়ি আন কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥২৪৪