পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫৬  উষা-হৰণ।

চতুৰ্দ্দশ লােক যদি হৱয় নিৰাশ ।
তব ভাৰ্য্যা সতী বুলি থাকিলে প্রকাশ ॥২৩২
হেনজানি বাপু তুমি খেদ পৰিহৰি ।
ঊষা লৈয়া আনন্দে চলিয়ো নিজ পুৰী ॥
মঞি ভিন্ন হৰি ভিন্ন হেন ভাব এড় ।
স্বৰুপে চিন্তিয়া দেখা দুইও একাকাৰ ॥২৩৩
সঞ্জাত নাযাৱা যদি দেখা বিদ্যামান।
হয় কি নহয় চাহ মুদিয়া নয়ন ॥
হৰিৰ চৰণ চাহে মুদিয়া নয়ন ।
হৰি সমে এক তনু দেখিলা তখন ॥২৩৪
দেখিয়া কুমাৰে তেবে মেলিয়া নয়ন ।
প্রণামিলা হৰি পদে কৰি এক মন ॥
পছে উষা সতী কান্দি স্বামীক বোলয় ।
মোক প্রতি প্রাণনাথ হৈয়ােক সদয় ॥২৩৫
নাহি মােৰ দোষ নাথ কোপ পৰিহৰ ।
দাসী কবি মোকে প্রভাে লৈয়া যাস ঘৰ ॥
তােমাৰ সদৃশ মায়া কৰি দামােদৰ ।
হৰিয়া আনিলে মোক বনৰ ভিতৰ ॥২৩৬
প্রত্যক্ষ দেখিলা তাক আসিয়া আপুনে ।
তিৰী তাতি হইয়া মঞি জানিবো কেমনে।