পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
ঊষা-হৰণ।

গুৰুজন শ্বশুৰৰ বাক্যক লঙ্ঘিলো।
আনাে জ্ঞাতিবৰ্গ তােৰ অনেক মাৰিলো।
সি পাপৰ ফল আবে লাগে ভুঞ্জিবাক।
গৃহ বাস এৰি বন লাগে ভ্ৰমিবাক॥১০৩
হেন জানি এড়া প্ৰিয়া মনে অসন্তোষ।
তোমাক লইয়া চলি যাইবাে ভিন্ন দেশ॥
ঊষা বােলে শুনা প্ৰভু বচন আমাৰ।
কিসক কৰিবা প্ৰভু গৃহ পৰিহাৰ॥১০৪
মঞি অভাগিনীক যে লৈয়া যাইবা কোথা।
নালাগে যাইবাক প্ৰভু সুখে থাকা এথা॥
এবে মােক লাগি প্ৰভু নকৰা সন্তাপ।
অগনিত পুৰি ভস্ম কৰিবোহো পাপ॥১০৫
নিজ ঘৰে আনন্দে থাকাহা প্ৰাণেশ্বৰ।
তােমাৰ আদেশ লৈয়া যায় যম ঘৰ॥
তােমাক কৰিবে দয়া তেবেসে শ্ৰীহৰি।
এহি বুলি কান্দে ঊষা কৃষ্ণ পদে ধৰি॥১০৬
হৰিৰ শৰীৰে কাম বাঢ়ে দশ গুণে।
সম্বােধিয়া বােলে প্ৰিয়া শুনিয়ো যতনে॥
তােক সাৰ কৈলো সবে পবিহৰি আশ।
ত্যাজিলােহো সব যজ্ঞ জ্ঞাতি গৃহবাস॥১০৭