পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
ঊষা-হৰণ।

এবে প্ৰভাে এক কথা শুনা মােৰ মুখে।
মােহােৰ কাৰণে কেনে বনে যাইবা দুঃখে॥
হৰি তােষিয়া মন থাকিয়ােক ঘৰে।
বিদায় দিয়ােক প্ৰভু ঊষা অভাগিৰে॥৯৮
এড়া অসন্তোষ মনে প্ৰভু সুকুমাৰ।
মােৰ প্ৰতি স্নেহ এবে কৰা পৰিহাৰ॥
দিয়া অনুমতি মােক হেৰা প্ৰাণপতি।
অগনিত পড়ি প্ৰাণ ত্যজিবো সম্প্ৰতি॥৯৯
হেন শুনি মায়া ৰূপ অনিৰুদ্ধ বােলে।
মধুৰ বচনে যুবতীক লৈয়া কোলে॥
এড়া অসন্তোষ প্ৰিয়া দুঃখ ত্যজা মনে।
কিক ত্যজিবাে তোক হৰিৰ বচনে॥১০০
তােহােক ত্যজিবে মোৰ নাহিকে শকতি।
তােহােৰ কাৰণে মােৰ যিবা হৌক গতি॥
পিতৃ মাতৃ জ্ঞাতিবৰ্গ সবাক ত্যজিয়া।
ভিন্ন দেশে যাইবোহো তােমাক সঙ্গে লৈয়া॥১০১
ইথানে থাকিলে মােক গোবিন্দে নিন্দিব।
নিশ্চয় তােমাক নিয়া অন্য দেশে যাইব॥
কৰিলােহো পাপ মঞি অতি গুৰুতৰ।
মাৰিলােহো শত ভাই অকাৰ্য্যে তােমাৰ॥১০২