পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ঊষা-হৰণ।

কৰিয়ো যতন   মাৰা পশুগণ
  যদি দয়া আছে মোক।
শুনা বীৰবৰ   বিলম্ব নকৰ
  শীঘ্ৰ বেগে চলিয়োক॥
আদেশ হৰিৰ   অনিৰুদ্ধ বীৰ
  শুনিয়া বোলে বচন।
ধনুৰ্ব্বাণচয়   সমস্তে আছয়
  শূল শক্তি অস্ত্ৰগণ॥৬৭
কবচ সবাৰ  আছয় আমাৰ
  বায়ু সম বড় বাজী।
ইসব সম্ভাৰ   আনিয়া আমাৰ
  মাৰো পশুগণ আাজি॥
শুনি নাৰায়ণ   বুলিলা বচন
  শুনিয়োক কাম সুত।
ধনুৰ্ব্বাণচয়   অস্ত্ৰ যত হয়
  লৈয়োক মোৰ প্ৰস্তুত॥৬৮
বাছি বাছি শৰ   লৈয়োক সত্বৰ
  কবচ কুণ্ডল হাৰ।
চলাহা গহনে  মাৰা পশুগণে
  নযাইবাহা ঘৰে আৰ॥