পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
ঊষা-হৰণ
অনিৰুদ্ধৰ মৃগয়া গমন।
দুলড়ী।

মাধৱ বদতি   শুনা প্ৰাণ নাতি
  কৈত আছে ত্ৰিভুবনে।
মোহোৰ অহিত   কৰিয়া নিশ্চিত
  ৰাখিবে নিজ জীৱনে॥
এতেক জানিবা   আমাৰ আদেশ
  নাভাঙ্গিবা ত্ৰিভুবন।
সুৰ নৰ পুৰ   নলাগে যাইবাক
  জানিবা কাম নন্দন॥৬৫
শুন কাম সুত   বচন প্ৰস্তুত
  মাংস খাইতে মোৰ আশ।
অৰণ্যে চলাহা   মৃগক মাৰাহা
 মোৰ পূৰা অভিলাষ॥
ধনুৰ্ব্বাণ ধৰি   চলা শীঘ্ৰ কৰি
  মাৰা গৈয়া মৃগগণ।
অৰণ্য পশুৰ   মাংসক আনিয়া
 পুৰায়োক মোৰ মন॥৬৬