এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
অসমীয়া মহাভাৰত।
অনন্তৰে কৃষ্ণে পাছে, নগৰিত পসিলন্ত,
তিনি দুৱাৰৰ অভ্যান্তৰ।
শুনি ধৃতৰাষ্ট্ৰ ৰাই, দোৰ্য্যোধন সমে যাই,
সভা মাজে পূজিলা বিস্তৰ॥৩৩৪
দোৰ্য্যোধনে উঠি গই, দিব্য সিংহাসন লই,
মাধৱক দিলন্ত বঢ়াই।
পাছে কুৰু বৃদ্ধ গণে, বসিলন্ত থানে থানে,
মাধৱক গৌৰবে বসাই॥
প্ৰথমতে কৃষ্ণে উঠি, ধৃতৰাষ্ট্ৰ নৃপতিক,
জানু পাৰি নমিলা চৰণে।
জানি ধৃতৰাষ্ট্ৰ ৰাই, হাত মেলি লাগ পাই,
আশীৰ্ব্বাদ কৰিলা তেখনে॥৩৩৫
ভীষ্মক নমিলা পাছে, দেখি ভীষ্ম আথে বেথে
আঙ্কোৱালি ধৰিলন্ত তুলি।
দ্ৰোণ বাহ্লিক দুই, তথাহন্তে চম্বু হুই,
নমিলন্ত কৰযোৰ কৰি॥
আনো যত বন্ধুগণ, সবাৰো তুষিলা মন,
নানা ভাবে সাদৰি বিস্তৰ।
কতো মুখ চাই হাসি, বচনে প্ৰশংসি আসি,
আসনে বসিলা গদাধৰ॥৩৩৬