সি বেলাত মোৰ নাহি আন, তোমাৰ চৰণ কৰি ধ্যান,
নাৰায়ণ নাম সুমৰিলো অনু ৰাগে॥ ১৭১
তেবেশে শশুৰে দিলা বৰ, পাঞ্চ পাণ্ডবৰ ধনু শৰ,
উদাস কৰিলো পাঞ্চ পতি সমে মাগি।
কৌৰৱে আলোচি কৰি সাস, পাঞ্চ পাণ্ডবক বন বাস,
ডঙ্কাই খেদিলে ঘোৰ অৰণ্যক লাগি॥ ১৭২
সিটো কৌৰৱৰ অপমানে, বিলাই বিপত্তি ভৈল মানে,
ভীমৰ বচনে আৰ কান্দিলা বঢ়াই।
ধৰ্ম্ম নৃপতিৰ অভিপ্ৰাই, তুমি যাইবা কৌৰৱৰ ঠাই,
সাম্যতা বচনে প্ৰিয় বুলিবা বুজাই॥ ১৭৩
ইবেলি কৌৰৱে আন এৰি, মোক মাৰিবেক জুইত পুৰি
তেবে পৰাক্ৰমী ভীমৰ সিজে বড়াই।
তুমি বিনে ইটো দুখ ত্ৰাণ, কৰন্তা নাহিকে মোৰ আন
ভীম অৰ্জ্জুনৰ বীৰত্ব ভৈলেক ঠাই॥১৭৪
ধিকাৰ ভীমৰ বাহু বল, ধিক অৰ্জ্জুনৰ ধনু শৰ,
ক্ষত্ৰিয় জাতিৰ হেন কি কাতৰ তনু।
অসমৰ্থ ভৈলে দোষ নাই, নপুংসক ভৈল পাঞ্চোভাই,
লোৱাঁ দামোদৰ এসম্বাৰ পাঞ্চ ধনু॥ ১৭৫
দ্ৰোপদ ৰাজাৰ বিদ্যমানে, যজ্ঞ বেদি আতি শুদ্ধ মনে
জনম লভিলো দ্ৰোপদে তুলিলে মোক।
পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/৩৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
অসমীয়া মহাভাৰত।