সমললৈ যাওক

পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৩
অসমীয়া মহাভাৰত।

শকটে শকটে,  অস্ত্ৰ শস্ত্ৰ লৈলা,
 ভণ্ডাৰে ভণ্ডাৰে তুলি।
অসংখ্য কমাৰ,  সুতাৰ লৰিল,
 সমৰ ভুমিক বুলি॥
দ্ৰোপদী সুভদ্ৰা,  তেসম্বো চলিলা,
 উত্তম শকটে চৰি।
নাই সীমা যত,  দাসী অসংখ্যাত,
 চৌভিতি যাই আবৰি॥৯০২
যত বিপ্ৰ গণ,  তেসম্বো চলিলা,
 যুদ্ধ চাহিবাক মনে।
প্ৰজাৰ গিৰত,  দল দোপ-ভুমি,
 ফাট দেই ঘনে ঘনে॥
অসংখ্যাত ৰাজা,  তেসম্বো চলিলা,
 সসৈন্যে কৰি আন্দোল।
সমুদ্ৰৰ ঢ়েউ,  সদৃশ আস্ফাল,
 নু্শুনয় মাত বোল॥৯০৩
উট ঘোৰে কেহো,  বীৰ চলি গৈল,
 মহীষ বৰাহে চৰি।
অসংখ্যাত বৈদ্য,  তেসম্বো চলিলা,
 বিশল্য কৰণি ধৰি।

(১৭)