এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
উদোগ্য পৰ্ব্ব।
চাৰি যে অযুত, ৰথ চলি গৈলা,
ছয় যে অযুত হাতী।
কুৰি যে অযুত, ঘোৰা চলি গৈলা,
বাছি লাত কৰি বাছি॥৯০৪
প্ৰজাৰ আন্দোলে, পাবৰ ধুলায়ে,
কুৱা ময় দশো দিশ।
অল্প নদী নদ, নামন্তে শুখাই,
নজানি দিশ বিদিশ॥
হস্তীৰ আটাসে, কাণ ফাটি যাই,
পৃথিবী মেলয় ফাট।
তৰু তৃণ ভাঙ্গি, পথ কৰি নেই,
মদে পঙ্ক ভৈল বাট॥৯০৫
শৈন্ধৱ ঘোড়াক, মাহুতে ডাকন্ত,
মুখে ধৰি বাঘ জৰি।
খড়গ দুই হাতে, বিজুলি সাক্ষাতে,
যেন দেখি যাই উৰি॥
প্ৰজাৰ গিৰত, দল দোপ কৰে,
সসাগৰা বসুমতী।
যেন ভৰা নাৱ, গোটে তল যাই,
সমুদ্ৰ মধ্যত আতি॥৯০৬