পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৫
অসমীয়া মহাভাৰত।

যাক ভয়ে গুৰু দ্ৰোণ কম্পিত শৰীৰ।
সেনাপতি হোক ধৃষ্টদ্যুম্ন মাহাবীৰ॥৮৬৫
ভীমে বোলে শিখণ্ডীক কৰা সেনাপতি।
ভীষ্মক বধিবে প্ৰতি ভৈলা উতপতি॥
যাক দেথি পিতামহ ভয় কৰে মনে।
বৈদ্যক দেখিলে যেন কাল সৰ্প গণে॥৮৬৬
মহেশৰ বৰত শিখণ্ডী অনিৰ্ব্বাৰ।
ভীষ্মক বধিয়া কাৰ্য্য সাধিবে আমাৰ॥
দ্ৰোপদীৰ ভাইযে শিখণ্ডী মহামতি।
মোৰ মনে তাহাঙ্ক পাতিয়ো সেনাপতি॥৮৬৭
যুধিষ্ঠিৰ বদতি শুনিয়ো নাৰায়ণ।
কি কাৰণে প্ৰভু আবে নোবোলা বচন॥
ঘোৰ ৰণে কাহাক কৰিবো সেনাপতি।
কোন বলবন্ত মোত কহিয়ে সম্প্ৰতি॥৮৬৮
সমৰক চলি যাইবো ৰজনী প্ৰসন্নে।
শুভ দিবসত আতি অভিজিত ক্ষেণে॥
বৈসম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।
শুনি শুনি আছে ৰাজাগণ নিৰন্তৰ॥৮৬৯
যুধিষ্ঠিৰ নৃপতিৰ বচন সাদৰি।
অৰ্জ্জুনৰ মুখ চাই মাতিলন্ত হৰি॥