পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
উদ্যোগ পৰ্ব্ব।

থানে থানে মিত্ৰ পাতি নকৰিয়া হেলা।
সময়ত পাৱে যেন প্ৰস্তাবৰ বেলা॥৬৭০
উচিতে লৈবেক প্ৰজা সমস্তৰ কৰ।
যেন প্ৰজাগণে দুঃখ নপাবে বিস্তৰ॥
বিচক্ষণ নৃপতি বিচাৰি গুণাগুণ।
জিজ্ঞাসিবে যত ভৃত্য গণৰ লক্ষণ॥৬৭১
নিজ কাৰ্য্য সাধিবেক কতো ভৃত্য চয়।
শত্ৰু জিনিবাক লাগি ৰাজাক সেৱয়॥
অন্যায় সন্যায় কৰে ধন উপাৰ্জ্জন।
চিনিবি সামান্য সিটো ভৃত্যৰ লক্ষণ॥৬৭২
নৃপতিক হস্তে ঐশ্বৰ্যাক আশা কৰে।
গ্ৰাম ভুমি আশায়ে সেবয় যিটো নৰে॥
লোকত ফুৰই নিজ ঐশ্বৰ্য্য দেখাই।
চিনি বেক মধ্যম সেবক মহা ৰাই॥৬৭৩
নৃপতিত যিটো সেৱা কৰে ৰঙ্গ মনে।
পতিব্ৰতা নাৰী যেন স্বামীৰ চৰণে॥
শত ধন পাইলে তাকো নকৰে আদৰ।
নৃপতিৰ কৰ্ম্মত প্ৰবৰ্ত্তে যিতো নৰ॥৬৭৪
নৃপতিত বিনে পিতৃ মাতৃক নচাই।
সিজন উত্তম ভৃত্য জানা মহাৰাই॥