পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩
অসমীয়া মহাভাৰত

বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
এহি বুলি ধৃতৰাষ্ট্ৰ নৃপতি কান্দয় ॥৬৫৫
চাহি আছে সকল সমাজ নিৰন্তৰে।
ভীষ্মে উঠি ৰাজাক মাতিলা ধীৰে ধীৰে॥
হুইতো ৰাজা ক্ৰন্দন কৰস দুঃখ মনে।
ইকথা পূৰ্ব্বত কিয় নপৰিল মনে॥৬৫৬
যি কালত তোঁহোৰ তনয় দোৰ্য্যোধন।
পাশা খেলিবাক লাগি কৰি আলোচন॥
তয়ো আজ্ঞা দিলি যদি পাশা খেলিবাক।
সিবেলাত প্ৰথমে বিদূৰে দিলে হাক॥৬৫৭
সিকালত তব পুত্ৰ পাপিষ্ঠ কুমতি।
অধৰ্ম্ম পাশাক পাতি শকুনি সহিতি॥
মায়া কৰি যুধিষ্ঠিৰ ৰাজাক জিনিলা।
সি কালত পাপী তোক দ্ৰোণে হাক দিলা॥৬৫৮
সিবেলাত পাঞ্চপতি শাঙ্গুলৰ আগে।
দ্ৰোপদিক ঘসাইলেক মৃগে যেন বাঘে॥
সিকালত ভাগৰাইলো আমিও বুজাই।
লাভ দেখি তৈসানি তোহোৰ মন যাই ॥৬৫৯
এবে শোক কৰি কিয় হোৱস আকুল।
দোৰ্য্যোধন অনৰ্থৰ তই নিজ মূল॥