মই ক'ব খুজিছোঁ।..............
কিয় জানো। সৰু সৰু কাম কিছুমান মোৰ বৰ চকুত পৰে। সৰু সৰু কথা কিছুমান মোৰ বৰ কাণত বাজে আৰু এনে সৰু সৰু কথা কামবোৰৰ মাজতেই মই জীৱনৰ মাধুৰী বিচাৰি পাওঁ। সেই দেখা - শুনা কথাবোৰকে মই লিখি পেলাইছিলো। সেইবোৰ ৰম্য ৰচনা নে লঘু ৰচনা কোন শেণীত পৰে সেই বিষয়ে কেতিয়াও চিন্তা নকৰাকৈ কেৱল লিখি গৈছিলোঁ। আচলতে মই কি বুলি লিখিম ভাবি লিখা নাছিলো। ইয়াত সন্নিবিষ্ট প্ৰায়বোৰ লেখাই '৭৯ ৰ পৰা ’৮৫ ৰ ভিতৰত লিখা। ‘অসম বাণী’ আৰু অ'ত ত'ত তাৰে কিছুমান প্ৰকাশ হৈয়ো গৈছে।
মোৰ ভাইটী ‘বন্' আৰু ভাগিন কেইটিয়ে এইবোৰ পঢ়ি পঢ়ি বৰ আমোদ পোৱা দেখিয়েই লিখিবলৈ মোৰ মন গৈছিল ছাগে। লেখাখিনি কিতাপ আকাৰে উলিয়াবলৈ ছপাখানাত দিয়াটো হ'লগৈ পিচে, মোৰ স্বামী অতুল বৰাৰ উৎসাহতহে।
হিয়াভৰা শলাগ আৰু কৃতজ্ঞতা জনাব লাগিব মোৰ ভ্ৰাতুসম শ্ৰীশ্যাম সুন্দৰ টোডী আৰু ডঃ ভূপেন্দ্ৰ ৰায় চৌধুৰীক। কিয়নো আৰ্হি কাকত চোৱাৰ পৰা কিতাপখন সম্পূৰ্ণ কিতাপ আকাৰে পঢ়ুৱৈ সমাজলৈ উলিয়াব পৰা হ’ল একান্ত তেওঁলোকৰ যহতহে। মই তো ছপাখানালৈ লেখাখিনি পঠিয়াই দিয়েই নিশ্চিন্ত আছিলো। বেটুপাতৰ ছবিখনৰ ভাৰ আমাৰ ভাগিন ডঃ ধ্ৰুৱজ্যোতি বৰাই ( বাপন) লোৱা বাবে সেই দিশটোতো মই চিন্তা নকৰাকৈয়ে হ'ল। তেওঁলৈ অশেষ ধন্যবাদ।