পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাৰিবলৈ আৰম্ভ কৰিব। নৰম 'ব খোজা আপুনি চৰম মূহুৰ্ত্তত আকৌ গৰম হৈ যাব। নাযায়। ৰিহাবাৰী বুলি নহয়, চান্দমাৰী বুলি নহয়, উজান বজাৰ বুলিও নহয়। আপুনি যি ফালে যাব খোজে ৰিক্সা সেইফালেহে নাযায়। ( যেন অন্য যি কোনো ফালেই গ'লহেতেন)। জীৱিকাৰ প্ৰতি ইমান অনীহা ইমান নিষ্পৃহ এওঁলোক। ‘মুক্তিত নিস্পৃহ’ নেকি?

 গতিকে অগতিৰ গতি চিটি বাছলৈকে ঢাপলি মেলক। তাতো সেই একে গৰম। ভীৰত ‘যাৰে বল তাৰে চল’ৰ প্ৰতিযোগিতাত নামি বাছত উঠি যাওক। কাপোৰ - কানি ফটা কথা নগণ্য। গাৰ ছাল বাকলি এৰাব খুজিলেও ভ্ৰূক্ষেপ কৰিবলৈ অৱকাশ নাই। ‘মূৰৰ ওপৰৰ ৰ’দখিনিৰ পৰা ৰক্ষা পাই, কোনোমতে থিয় দিছেহে - কাষত গা-তে লিপিত খাই থকা এজনে গৰম মাতেৰে কব : আৰাম কৰি থিয় দিছে যে, আপোনাৰ ভৰিৰ

তলত সেইখন কুচন পাৰি থোৱা নাই— আচলতে মোৰ ভৰিহে।’ কোনোমতে ওপৰৰ ৰড্ ডালত ধৰি ভৰি এটা দাঙিয়েই থাকিব লাগিব। গাৰ ঘাম, চুলিৰ তেল, কাপোৰৰ বিভিন্ন গোন্ধত আপুনি ঘৰত খাই যোৱা ভাত কেইটাই মুখেদি ওলাই আহোঁ ওলাই আহোঁ কৰিব। কাৰোবাৰ কিলাকুটি কাৰোবাৰ নাকত লাগিছে। কাৰোবাৰ গন্ধময় কাষলতিৰ তলখন কাৰোবাৰ মুখৰ ওচৰত। কোৱাৰ উপায় নাই। সকলো গৰম। ‘ইমান যদি গাত গা নলগাকৈ আৰাম কৰি যাব লাগে ‘এম্বেছেদৰ কাৰ’ত বা ‘কন্টেচা'ত আহিব। এইখন চিটিবাছ বুইছে, চিটিবাছ এনেকুৱাই। গৰম ইঞ্জিনৰ কাষত বহি মানুহৰ ভৰত এফালে কাতি হৈ যোৱা প্ৰকাণ্ড বাছখন শাসনত ৰাখিবলগীয়া হোৱা ড্ৰাইভাৰ জন মাজে মাজে গৰম হোৱাতো স্বাভাবিক। ততে যদি এজনে যাব দিয়া বুলি চিঞৰাৰ লগে লগে আন এজনে ৰাখিবাহেঁ! নামি আছে দেখা নাই? মানুহ মাৰিবা নেকি' বুলি গৰম হৈ চিঞৰে। তদুপৰি ধুম্ধা‌ম্ কৈ সকলোৱে বজাবলৈ বাছখন তবলা

(৩০)