খেনোক দেখি ৰান্ধে বাঢ়ে
দুৱাৰখন মাহীদেৱে সঁচাকৈয়ে মানুহখিনি আঁৰ হ’বলৈ নাপাওঁ তেই- চিৰিত ভৰি দিওঁতেই ধুম্ কৈ বন্ধ কৰি দিলে। মই আৰু মাহীদেউৰ ছোৱালী মনমীয়ে কাষৰ কোঠাটোৰ বিছনাত শুই শুই দেওবাৰৰ দুপৰীয়া ‘কল্পতৰু' শুনি আছিলো। ভাত খাবলৈ তেতিয়াও এঘণ্টামান আছে। মাহীদেউ আমাৰ কোঠাত সোমাৱাৰ লগে লগেই ট্ৰেন্জিষ্টৰটোৰ ভলিউম কমাই দিলো। মাহীদেউৰ ‘ভলিউম’টো বাঢ়ি গ'ল—'নেউচা কেওচা খোৱা এইবোৰ ভৰ দুপৰীয়া খননো কি মানুহৰ ঘৰলৈ আহে জানো!’ দীঘল অসমীয়া গালিটো শুনি কন্ভেন্টত পঢ়া মনমীয়ে হাঁহি দিলে জোৰে। মই সুধিলো — ‘কোন নো আহিছিল মাহীদেউ?' তপত তেলত যেন মেঠিগুটি এসোপাহে দি দিলো। ফট্, ফট্ কৈ মাহীদেৱে ক'লে — ‘কোন হ’ব আৰু - সেই কমলা মাষ্টৰণী আৰু মধু কেৰাণীৰ ঘৈণীয়েক জনী! আবেলি মই নাথাকিব পাৰো বুলি বোলে এতিয়াই আহিল। এই চুবুৰীটোৰ উন্নয়ন কমিটি এটাৰ বাবে কিবা মিটিং এখনৰ কথা ক’লে। কাম নাই আৰু মোৰ সেইবোৰৰ লগত মেল-মিটিং কৰিমগৈ! ঘৰত ভাত কেইটা খাই ইয়াতে চাহ এটোপা পাম বুলি আহিছিল ছাগে। তামোল এখনো নিদিলো বাপ্পেকে......।’ মাহীদেউৰ কথাৰ ফুলষ্টপ পৰাৰ আগৰ পৰাই মনমীয়ে হাঁহি আছিল। মই পিছে হাঁহিব পৰা নাছিলো। মাহীদেউৰ এনেকুৱা ঠেক মনৰ সৰু কথাবোৰ মোৰ শুনিবলৈকে লাজ লাগে।
ভাত খাবলৈ মেজত সকলো বহোঁতেই আক’উ কলিং বেল বাজিল। মই মাহীদেউৰ বিৰক্তি ভৰা মুখখন দেখিয়েই লাহেকৈ
(২২)