তেঁওৰ শেষ জীবন- সুখেৰে নগল। চতুৰ্থবাৰ ভাৰতবৰ্ষলৈ আহিবৰ কিছু পূৰ্ববতে তেঁওৰ সৰুৰ লগৰীয়া স্নেহৰ ভনীয়েকক তেঁও হেৰুৱায়; আকৌ ভাৰতবৰ্ষৰ পৰা উভতি ইংলণ্ডেলৈ যাবৰ কিছুদিনৰ পাছতে সৰু ভায়েকটীৰ মৃত্যু সংবাদ পায়। বুঢ়াকালত ৰুগ্ন শৰীৰত এই শোকৰ আঘাৎ তেঁও সহিব নোৱাৰিলে। ইয়াৰ অলপদিনৰ পাছতে তেওঁ চিৰদিনৰ নিমিত্তে ভগবানৰ চৰণত শান্তিৰে বিশ্ৰাম লভিলে।
মেৰী কাৰপেণ্টাৰ যেতিয়া সৰু আছিল তেতিয়া তেওঁ মাকক কৈছিল “মোক কাম কৰিবলৈ দিয়া, মই অইনৰ কাম কৰি ভাল পাও।” সৰুকালত মনত যি ভাব হৈছিল তেঁওৰ জীৱনত সেইটোৱেই পূৰ্ণত্ব প্ৰাপ্ত হৈছিল। তেঁও অইনৰ কামত, জগতৰ কামত জীবন উৎসৰ্গ কৰিছিল। তেঁওৰ জীৱনটোৱেই কেৱল কামৰ ইতিহাস। তেঁওৰ কামৰ সুফলৰ সাক্ষী কি বিলাত কি ভাৰতবৰ্ষ দুই ঠাইতে বৰ্ত্তমান। মেৰী কাৰপেণ্টাৰৰ নাম সকলোৱে শ্ৰদ্ধাৰ সৈতে উচ্চাৰণ কৰে। মেৰী কাৰপেণ্টাৰৰ নিচিনা নিঃস্বাৰ্থ ভাবে এই পৃথিবীত কাম কৰা মানুহ অলপ দেখা