পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
এলিজাবেথ ফ্ৰাই।


যায়। পৰৰ নিমিত্তে জীবন উৎসৰ্গ কবি কেনেকৈ কাম কৰিব লাগে তাকে এই ইংৰাজ তিৰুতাই আমাক শিক্ষা দি গৈছে।

এলিজাবেথ ফ্ৰাই।

Elizabeth Fry.

 পৰৰ দুখত কাতৰ হৈ দুখ দূৰ কৰা মানুহৰ এটী বিশেষ গুণ। পৃথিবীত যে কেবল টকাৰেই অইনক সাহায্য কৰিব পাৰি এনেও নহয়, আৰু সকলোৰে টকা দি সাহায্য কৰিবৰ ক্ষমতাও প্ৰায় নেথাকে। পুত্ৰ শোকাতুৰা তিৰুতাৰ টকাৰে সান্ত্বনা দিব পাৰেনে। অনেক সময় টকাৰে যি কৰিব নোৱাৰি মনৰ সহানুভূতিৰে তাক কৰিব পাৰি। আজি যি ইংৰাজ তিৰুতাৰ কথা লেখিব খুজিছোঁ এওঁৰ নাম ইংৰাজ মণ্ডলীত অতি শ্ৰদ্ধাৰে সৈতে উচ্চাৰণ হৈ থাকে। মেৰী কাৰপেণ্টাৰৰ দৰে এঁওৰো মন পৰৰ নিমিত্তে কান্দিছিল। ইংৰাজীত এটী কথা আছে “পাপক ঘিণাবা কিন্তু পাপীক ঘিণ

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৭৯