প্ৰকৃতিৰ মানুহ নাছিল, যিভাব তেঁও মনৰ এচুকত ইমানদিন লুকায় ৰাখিছিল, তাৰ চেষ্টা কৰিবৰ নিমিত্তে তেওঁ ভাৰতবৰ্ষলৈ ৰাওনা হল। এই সময় ‘আমাৰ দেশৰ তিৰুতাৰ অবস্থা অতি শোচনীয় আছিল। প্ৰাচীন কালত ভাৰত-বৰ্ষীয় তিৰুতাই নানা-বিদ্যাচৰ্চ্চা কৰিছিল, তাৰ প্ৰমাণ খনা লীলাবতী বহুতো আছে। লাহে লাহে তিৰুতা ঘৰৰ ভিতৰত আবদ্ধ হল, জ্ঞানালোচনাৰ পৰা বহুত দূৰত পৰিল। মেৰী কাৰপেণ্টাৰ যেতিয়া আছিল তেতিয়া স্কুল প্ৰভৃতি নাই, কোনো কোনো ঘৰত অলপমান মাত্ৰ কোনোবাই কোনোবাই পঢ়িব পাৰিছিল। ইংলণ্ডত মুনিহ তিৰুতা দুইৰো শিক্ষাৰ বাট একেৰকম, দুইৰো সমান অধিকাৰ। যেতিয়া ইংৰাজ সকলে আমাৰ দেশ জয় কৰিলে তেতিয়া তেওঁবিলাকে দেখিলে যে ভাৰতবাসীৰ নৈতিক আৰু মানসিক উন্নতিৰ একমাত্ৰ উপায় জ্ঞান আৰু বিদ্যা শিক্ষা, সেই দেখি প্ৰথমৰ পৰাই তেঁওবিলাকে দেশত শিক্ষা বিস্তাৰৰ সঙ্কল্প কৰি নানা স্কুল কলেজ প্ৰভৃতি কৰিলে আৰু নানাৰকম সামাজিক কুসংস্কাৰ, যাতে দূৰ হয় তাৰ নিমিত্তে চেষ্টা কৰিবলৈ
পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৪২
অৱয়ব