পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
মেৰী কাৰ্পেণ্টাৰ।


ধৰিলে। তিৰুতাৰ শিক্ষাও নিতান্ত দৰকাৰ দেখি পাছত লাহে লাহে সেই নিমিত্তেও উদ্যোগী হল। এই স্ত্ৰীশিক্ষা বিস্তাৰ কৰিবৰ নিমিত্তে এওঁবিলাক বহুত কষ্ট আৰু পৰিশ্ৰম কৰিব লগীয়াত পৰিছিল। পূৰ্ব্বে আমাৰ দেশত মুনিহ মানুহেই স্ত্ৰীশিক্ষা সন্দেহৰ চকুৰে দেখিছিল; গবৰ্ণমেণ্টে নানা উপায়ে এই স্ত্ৰীশিক্ষা বিস্তাৰ কৰে, যাৰ সুফল আমি আজি দেখিবলৈ পাইছোঁ। যি বিলাকৰ অশেষ চেষ্টা আৰু পৰিশ্ৰমত ভাৰত, বিশেষ বঙ্গদেশ উপকৃত হৈছে বুলি ধৰা হয় মেৰীকাৰপেণ্টাৰ তাৰ ভিতৰত এজন। তেঁও চাৰিবাৰ ভাৰতবৰ্ষলৈ আহে ৷ ভাৰতৰ তিৰুতাৰ-অবস্থা জানিবৰ নিমিত্তে তেওঁ ডাঙ্গৰ সৰু সকলোৱে ঘৰৰ অন্দৰ মহললৈ গৈ নিজৰ মানুহৰ দৰে তিৰুতা সকলৰ লগত মিলিছিল, কত উপদেশ আৰু নানা দেশৰ ভাল ভাল তিৰুতাৰ বিষয়ে কৈছিল, তিৰুতাৰ দ্বাৰাইও দেশৰ কিমান কাম হব পাৰে তাক কৈ-মনক উত্তেজিত কৰিছিল। বালিকা বিদ্যালয় স্থাপনাদিৰ নিমিত্তে তেওঁ উৎসাহী আছিল; স্কুললৈ ছোৱালী বিলাকক পঠাবৰ নিমিত্তে মাক বাপেকক উৎসাহ দিছিল। এবাৰ তেওঁ ভাৰতবৰ্ষত যেতিয়া

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৭৫