পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 প্ৰায় উন্‌ত্ৰিশ বছৰ নিজৰ মাতৃভূমিলৈ যোৱা নাই। যদিও ইমান আঁতৰত, তথাপি মাতৃভূমি, —নিজৰ আত্মীয় কুটুম্বাদিক পাহৰা নাই। নিজৰ ভাষা কবলৈ এতিয়াও ভাল লাগে। নিজৰ দেশৰ মানুহ দেখিলে এতিয়াও অসমীয়া কথাকৈ ৰসনাৰ তৃপ্তি পাই থাকোঁ। ঘৰৰ কামৰ পাছত অলপ আজৰিৰ সময়ত এই সৰু কিতাপখনি লেখি অসমীয়া বন্ধু বান্ধবৰ আগত আগ বঢ়াইছোঁ৷ ইয়াত কেজনমান মহৎ তিৰুতাৰ সংক্ষিপ্ত জীৱনী আছে। আমাৰ অসমীয়া লৰা ছোৱালীয়ে—এই সকল তিৰুতাৰ বিষয় পঢ়ি যদি নিজৰ কৰ্ম্মক্ষেত্ৰত অলপমানও সহায় পায় তেনেহলে মোৰ শ্ৰম সাৰ্থক বুলি জানিম। বিদেশত থাকাৰ ও ছাপা হোৱাৰ বাবে তাৰ উপৰি আকৌ অসমীয়াত কিতাপ লেখা মোৰ এইয়ে প্ৰথম চেষ্টা—সেই দেখি ইয়াত বহুতো দোষ থাকিব পাৰে। ঈশ্বৰে যদি সময় দিয়ে এই দোষবোৰ অহাবাৰে সংশোধন কৰিম এই আশা ৰাখিলোঁ। মোৰ মাথোন এই আশা থাকিল যে আমাৰ লৰা ছোৱালী সকলে এই কিতাপখনি পঢ়ি অলপ উপকৃত হ’ব, কিয়নো তেঁওলোকেই আমাৰ ভবিষ্যতৰ আশা ভৰসাৰ স্থল।

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৩৪