পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
আৰ্হি তিৰুতা৷


পাৰিছিল আৰু মীৰাবাইও এওঁবিলাকৰ লগত হৰি-সঙ্কীৰ্ত্তনত যোগ দিব পাৰিছিল। অতিথি মাত্ৰেই দেৱতাৰ ভোগ পাইছিল, অভুক্ত হৈ কোনোৱেই যাব নোৱাৰিছিল। ক্ৰমে ক্ৰমে মীৰা হৰিসংকীৰ্ত্তন আৰু অতিথি সেবাত, বিভোৰ হৈ পৰিল; সংসাৰৰ পৰা লাহে লাহে দুৰৈ হৈ যাবলৈ ধৰিলে, স্বামীৰ প্ৰতি অযত্ন কৰিবলৈ ধৰিলে, আৰু স্বামীৰ সেৱা আৰু আৰামৰ ব্যবস্থা কৰি দিবৰ কথা মাজে মাজে পাহৰি যাবলৈ ধৰিলে। ৰজাই তেতিয়া ৰাণীক এনেকৈ সকলোৰে সৈতে ঘনিষ্ঠতা কৰা দেখি আৰু তেওঁৰ ওপৰত ৰাণীৰ অযত্ন দেখি মনে মনে বিৰক্ত হবলৈ ধৰিলে। তেওঁ ৰজা- যৌবনকাল—তেওঁৰ ভোগ-বিলাসৰ সময়, একোৰে অভাব নাই, তেওঁৰ ইচ্ছা যে মীৰাও তেওঁৰ নানা ভোগবিলাসৰ বস্তুৰ মাজত এজন হয় কিন্তু মীৰাই ধৰা নিদিয়ে, এইটো ৰজাৰ অসহণীয় হল। ৰাণীক তেওঁৰ মতলৈ আনিব নোৱাৰি একো উপায় নাপাই পুনৰায় বিবাহৰ প্ৰস্তাৱ কৰি মীৰাকে জনালে। মীৰাই অতি সন্তোষ মনেৰে অনুমতি দিলে।

 মীৰাৰ অনুমতি পাই ৰজাই ৰাজকুমাৰীৰ অন্বেষণ

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥৪৮