কৰিবলৈ ধৰিলে৷ ঝালবাৰ ৰাজকুমাৰীৰ ৰূপ লাবণ্যস কথা তেওঁৰ জনা আছিল। তালৈকে বিবাহৰ প্ৰস্তাব কৰি দূত পঠালে কিন্তু তাৰ পূৰ্ব্বেই মন্দাৰ ৰাজকুমাৰৰ লগত তেওঁৰ বিবাহ স্থিৰ হৈ গৈছিল৷ বিয়াৰ ৰাতি ঝালকাৰ ৰাজকুমাৰীক কুম্ভ ৰজাই হৰণ কৰি আনিলে। ঝালবাৰ-ৰাজকুমাৰীৰ কিন্তু মন্দাৰ ৰাজকুমাৰৰ লগত প্ৰণয় আছিল। হৰণ কৰি আনিলেও দুইৰো মনৰ মিল নহল। কুম্ভ ৰজাৰ কপাল।
সকলো বৈষ্ণব বৈষ্ণবীই মীৰাবাইৰ ৰাঞ্চোড়দেৱৰ মন্দিৰলৈ যাব পাৰিছিল আৰু অতিথি সকলো অভুক্তহৈ নুভতিছিল, সকলোৱে দেৱতাৰ প্ৰসাদ লবলৈ বাধ্য এনে নিয়মেই আছিল। এদিন মন্দাৰ ৰাজ-কুমাৰে বৈষ্ণবৰ ছদ্মবেশ ধৰি সেই মন্দিৰলৈ গল।দেৱতা দৰ্শন কৰি প্ৰসাদ নলৈ উভতিবৰ সময় হোৱা দেখি মীৰাবাই ব্যস্তহৈ পৰিল। অতিথি অভুক্তহৈ ফিৰিলে অধৰ্ম্ম হব; সেই দেখি ব্যগ্ৰ হৈ মীৰাবাইয়ে কাকুতি মিনতি কৰিবলৈ ধৰিলে। বৈষ্ণববেশধাৰী ৰাজকুমাৰে একোতে সম্মত হব নুখুজিলে,বহুত আনুনয় বিনয় কৰাত পাছত মীৰাক প্ৰতিজ্ঞাবদ্ধ