পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাতনি।

⸻:০:⸻

 মহাত্মা ৺আনন্দৰাম বৰুৱাৰ জীৱন চৰিত এখনি লিথিবৰ মনেৰে পাতনি মেলোঁতে, অসমৰ এজন সুলেখক লম্বোদৰ বৰাই কৈছিল যে, “সৎকাম কৰিবলৈ, ধৰমত চলিবলৈ, সমাজ আৰু দেশৰ উপকাৰ কৰি- বলৈ জীৱনৰ দৃষ্টান্ত বেচি কাৰ্য্যকাৰক। * * * * * * মানুহৰ জীৱনৰ আৰ্হি অব্যৰ্থ বীজ, সি সকলো ঠাইতে গজে। * * * *বৰ ডাঙ্গৰ মানুহৰ আৰ্হি অতি অলপ মানুহেহে লব পাৰে। সেই কাৰণে মজলীয়া মানুহৰো জীৱন-চৰিত থাকিব আৰু পঢ়িব লাগে। কোনো মানুহৰ ভালেমান সজগুণ থাকিলেই, বা তেওঁ কিছুমান ভাল কাম কৰি- লেই তেওঁৰ জীৱন-চৰিত লেখা হব পাৰে।” আমাৰো সেইমত। আৰু সেই মতেৰে কাৰ্য্য কৰিবৰ মনেৰেই আজি আমি ঘিণাৰাম বৰুৱাৰ জীৱন-চৰিত ৰাইজৰ আগলৈ আগ বঢ়ালোঁ। আমাৰ উদ্দেশ্য কিমানলৈ সাম্ফল হৈছে সেইটী গুণগ্ৰাহী পাঠক সকলৰ বিচাৰাধীন।

 এই পুথি লিখি থাকোঁতেই বা এই পুথি লিখাৰ কথা গম পাই অনেক গণ্য-মান্য আৰু শিক্ষিত অসমীয়া ভদ্ৰলোকে লেখকক প্ৰশ্ন কৰিছিল— “তুমি যে ঘিণাৰাম বৰুৱাৰ জীৱনী লিখিছা বা লিখিব খুজিছা এইজননো কি এনে বিখ্যাত মানুহ আছিল যে তুমি তেওঁৰ চৰিত্ৰ লিখিছা? আমি দেখোন বহুতে তেওঁৰ নামকে শুনা নাই তেওঁ আসামৰ তেনে প্ৰখ্যাত মানুহ নহয়, এতেকে তেওঁৰ চৰিত্ৰ। লিখাৰ একো কাৰণ নাই। লিখিবৰ মন গলে সুবিখ্যাত আন অসমীয়াৰ জীৱনী লিখিব পাৰা দেখোন।” ৺ঘিণাৰাম বৰুৱা আসামৰ বিখ্যাত মানুহ অৰ্থাৎ নাম-জলা মানুহ নহব পাৰে, কাৰণ তেওঁ ইংৰাজি এম, এ ডিগ্ৰি পোৱানাই, বা সংস্কৃত পঢ়ি