আছিল। পিচে, মিৰিহঁতে গোপনে বুদ্ধি কৰি সোৱনশিৰীৰ বৰ কোবাল আৰু বহুল এভাগত পাৰি দিওঁতে সোঁ মাজতে নাও বুৰাই দিছিল। নাও বুৰিলত মিৰিহঁত সাঁতুৰি পলাল, আৰু চিপাহী দুটা নৈৰ কোবাল সোঁতত ৰব নোৱাৰি ডুবি মৰিল; কিন্তু, ঘিণাৰাম বৰুৱাই চৰ্কাৰী কাতত-পত্ৰ সোপাই সৈতে সাতুৰি ইপাৰ উঠিলহি। তাৰ পাচত, তেওঁ উত্তৰ লক্ষীমপুৰৰ ষ্টেচনলৈ আহি সমুদায় ঘটনা ওপৰৱালাক জনাই, আকৌ তিনটা চিপাহী লৈ সেই পলৰীয়া মিৰি কেইটাক বিচাৰি গল আৰু প্ৰায় একপক্ষ কাল বহু কষ্টে বিচাৰি ধৰি অপ- ৰাধীক থানাত হাজিৰ কৰিহে তেওঁ ক্ষান্ত হৈছিল।
গছত উঠাৰ পাকতো ঘিণাৰাম বৰুৱা সৰুৰেপৰা বৰ পাৰ্গত আছিল। এই ফেৰি বিদ্যা নথকা হলে, মাজ বয়সতে তেওঁৰ জীৱন অন্ত পৰিবৰ কথা হৈছিল। এসময়ত জয়মতী হাতী হাবিত মেলি দিয়াৰপৰা এসপ্তাহমান মাউতে বিচাৰি নোপোৱা হৈছিল। পিচলৈ হাতীৰ দণ্ডী বিচাৰি নোপোৱাত পৰিল, সকলোৱে জয়মতীৰ আশা এৰি দিব লগা হৈছিল। কিন্তু, ঘিণাৰাম বৰুৱা হঠাতে হতাশ হোৱা মানুহ নাছিল। তেওঁ মাউতক লগত লৈ নানা ফালে নিজে বিচাৰিবলৈ ধৰিলে। এদিন তেওঁ হাতী বিচাৰি গৈ গৈ কাকৈ নৈৰ উজনীত এখন অটব্য জাৰণিত সোমালগৈ। এনেতে জয়মতীৰ কেচা দণ্ডী দুফালে দুটা ফাটি যোৱা পালেগৈ। এই খিনিতে ধনী আৰু মাউত দুয়ো দুফাল হল। আৰু অলপমান গৈয়ে ঘিণাৰাম বৰুৱা