বংশধৰ কাৰণে সি ছোৱালীতকৈ সৰহ ভাগৰ গৰাকী হোৱা উচিত, তেনে হলেও ঠিক হৈছে; কাৰণ, উলিয়াই দিয়াৰ পাচত ছোৱালীয়ে আৰু পিতৃ-সম্পত্তিৰ ভাগ লবলৈ নাহে।” এই উত্তৰ শুনি চিৰস্তাদাৰে ধন্য ধন্য কৰিবলৈ ধৰিলে। কিন্তু, যদিও এনেবিলাক আৰু এনে আন ডাঙ্গৰ কামত খৰচ কৰোঁতে তেওঁ মুকলিহতীয়াকৈ চলিছিল, তথাপি ঘিণাৰাম বৰুৱা অবাবত খৰচী নাছিল। বৰঞ্চ, অবাবত ভাঙ্গিবলৈ হলে, পইচা এটিও তেওঁৰ হাতৰপৰা সৰকি নপৰিছিল। স্বৰূপাৰ্থত, ঘিণাৰাম বৰুৱা নিয়মীয়া ভগন কৰোঁতাৰো এটি অনুকৰণীয় পটন্তৰ আছিল।
⸻
৮। আধ্যা।
জীৱনৰ গোটাচেৰেক প্ৰধান ঘটনা।
পুৰুষৰ থাকিবলগীয়া গুণ।
সামৰণি।
সৰুৰেপৰা সাঁতৰা বিদ্যাত ঘিণাৰাম বৰুৱা বৰ পৈণত আছিল। গতিকে, কেইবাবাৰো তেওঁ পানীত পৰি ৰক্ষা পৰি- ছিল। আৰু পুলিচত চাকৰি কৰোঁতে, তেওঁ এবাৰ সোৱন- শিৰীৰ অতি উজনী ভাগৰপৰা জনচেৰেক অপৰাধী গাচি মিৰিক কয়েদ কৰি ধৰি আনিছিলগৈ। তেওঁৰ লগত দুজন চিপাহী