পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
আৰ্হি-চৰিত

ভগন কৰিছিল। ইয়াকে চাই, বাকী তিনি গৰাকী জীয়েকৰ গাত কিমান খৰচ মোটামুটীকৈ পৰিব পাৰে, তাক অনুমাণ কৰিব পাৰি। এতিয়া হিচাপ কৰি চালে দেখা যায় যে, পুতেক আৰু জীয়েক সকলৰ ভৱিষ্যৎ উন্নতি আৰু কল্যাণৰ অৰ্থে ঘিণা- ৰাম বৰুৱাই ৪০০০০৲ মান টকা ভগন কৰিছিল, আৰু এই টকাও তেওঁ নিজৰ বুদ্ধি, পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলৰেহে আৰ্জ্জিছিল। আৰু, ইমানলৈকে বাহিৰা উৎপন আৰু ভগনৰ হিচাপত ঘিণাৰাম বৰুৱাৰ আন ডেৰ লাখ মান টকা হয়। ইয়াত বাজেও মৰণৰ পাচত, তেওঁ অৰ্জ্জিত ধন আৰু নগদ কিমান থৈ যায়, সেই বিষয়ে আমি নাজানো। এতেকে, দুখৰ সোতঁত উটি গৈ নিঠৰুৱা হোৱা নিকুটুমীয়া মৰাণ বৰুৱাৰ তোলনীয়া বংশধৰ ঘিণাৰাম বৰুৱা তেওঁৰ জীৱনত নিজৰ সৎ- বুদ্ধি, পৰিশ্ৰম আৰু অসাধাৰণ অধ্যৱসায়ৰ বলেৰে মোটৰ ওপ- ৰত দুইলাখ টকা আৰ্জ্জন কৰি, পৃথিবীত সজপথত চলি আপোন চেষ্টাৰে মানুহ (Self-made man) হোৱাৰ এটা উৎকৃষ্ট পটন্তৰ হৈ ৰৈ গল।

 পুত্ৰ-কন্যাৰ ভৱিষ্যৎ উন্নতিৰ অৰ্থে ঘিণাৰাম বৰুৱাই যেনে, মুকলিহতীয়াকৈ ভগন কৰিছিল, তালৈ চাই তেওঁক লোকে বৰ খৰচী মানুহ বুলি জানিছিল। আৰু, বিশ্বাসী এজন বন্ধুৰপৰা শুনা গৈছিল, যে এদিন এজন তেওঁৰ সৰু ভায়েকৰ তুল্য মৰমৰ বন্ধু ৺সিদ্ধেশ্বৰ গগৈ চিৰস্তাদাৰে অলপ আচৰিত ভাৱে সুধি- ছিল, “ককাইদেও! আপুনি এতিয়া ইমান মুকলিহতীয়া হৈ