পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
আৰ্হি-চৰিত

ঘৰত ডাঙ্গৰ দীঘল হৈ ৩৲ টকীয়া দৰ্ম্মহাৰ কামত সংসাৰ আৰম্ভ কৰি নিজৰ বুদ্ধি, কৌশল, পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলত এজন লাখটকীয়া মানুহ হৈ জিলিকি উঠিল!

 ওপৰত লেখ দিয়া সম্পত্তিৰ আৰ্জ্জনত বাজেও, ঘিণাৰাম বৰুৱাই আৰ্জ্জন কৰা ধন-সম্পত্তি তেওঁৰ চাৰিজন পুত্ৰক শিক্ষিত কৰোঁতে আৰু চাৰিগৰাকী জীয়াৰীক বিয়া দিওঁতে তেওঁ মুকলি হাতেৰে ভাঙ্গিছিল। চাৰিওজন পুতেকৰ শিক্ষাৰ নিমিত্তে কাৰ গাত কিমান ভগন হৈছিল, তাৰ এটা হিচাপ বুঢ়া বৰুৱা ডাঙ্গৰীয়াই মৰণৰ মাহচেৰেকৰ আগেয়ে তেজপুৰলৈ যাওঁতে এই দৰে দিছিল;—বৰপুত্ৰ ৺মোহনচন্দ্ৰৰ গাত ২৫০০৲; বৰ-মাজিউ শ্ৰীকণনাথৰ গাত ৫০০৲; মাজিউ পুত্ৰ শ্ৰীনীলকণ্ঠৰ গাত ৪০০০৲; সৰু-মাজিউপুত্ৰ শ্ৰীপদ্মনাথৰ গাত ৫০০০৲; আৰু নুমলীয়া পুত্ৰ শ্ৰীমুক্তানন্দৰ গাত ১৫০০৲ টকা নগদ ভগন হৈছিল। জীয়েক চাৰি গৰাকী বিয়া দিওঁতেও ঘিণাৰাম বৰুৱাই সাধাৰণ ৰূপে ভগন কৰা নাই। বৰ জীয়েক ৺মাহিন্দ্ৰী বৰ আইদেওক এই লেখকৰ প্ৰিয়ত্তম বন্ধু ৺কৃষ্ণানন্দ বুঢ়া- গোহাঁইদেওলৈ বিয়া দিওঁতে, তেওঁ যৌতকত ১ এটা হাতী, ১এজনী ঘোঁৰা,৩জনী ম’হ, ৪জনী গৰু, এখন সম্পূৰ্ণ ঘৰ চলাকৈ সকললা লাগতিয়াল বয়-বস্তু, এজোৰ সোণৰ বাখৰামী শচৰীয়া খাৰু, আৰু ভদ্ৰ তিৰোতাৰ লাগতিয়াল প্ৰত্যেক বিধ অলঙ্কাৰৰ দুই পদকৈ দান কৰিছিল। ইত্যাদি খৰচ মুঠকৈ ধৰিবলৈ গলে, ঘিণাৰাম বৰুৱাই বৰজীয়েকৰ লগত কমকৈও ৭০০০৲ মান টকা