পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উপহাৰ।

প্ৰিয়তম অনাৰেবল শ্ৰীমান পদ্মনাথ বৰুৱা
 কল্যাণবৰেষু,

প্ৰিয় পদ্ম,

 তুমি তোমাৰ জন্মৰে পৰা মোৰ চিনাকি। তুমি, তোমাৰ প্ৰিয়বন্ধু স্বৰ্গীয় পানীৰাম (৺পানীন্দ্ৰনাথ গগৈ) আৰু মুন্সি বাহাদুৰ আলি প্ৰভৃতি যেতিয়া লক্ষ্মীমপুৰ ইৰাজি স্কুলত প্ৰথমে পঢ়াহঁক তেতিয়া মোৰ পৰম বন্ধু স্বৰ্গীয় কৃষ্ণানন্দ বুঢ়াগোহাঁই তোমা- লোকৰ হেড্‌মাষ্টৰ আছিল। মই তোমালোকৰ স্কুলৰ চেক্ৰেটৰি আছিলোঁ। তেতিয়া মই মাজে মাজে তোমালোকক পৰীক্ষা কৰোঁ আৰু পঢ়াওঁ। তেতিয়া তোমালোক তিনিওটী ৭, ৮ বছৰ বয়সীয়া লৰা। তোমালোক তিনিও জন যে আসামৰ সজপুত্ৰ হৈ আসামৰ নাম জিলিকাবা তেতিয়াই মই আৰু মোৰ বন্ধুৰে তাৰ ভালেমান লক্ষণ দেখোঁ, আৰু তেনে আশা কৰিছিলোঁ। শ্ৰীমান্ মুন্সি বাহাদুৰ আলিয়ে এতিয়া কি কৰিছে ভালকৈ কব নোৱাৰোঁ। ৺পানীৰাম কোমল বয়সতেই ইহ সংসাৰৰ পৰা আঁতৰি গল। তথাপি যি কেই দিন জীয়াই আছিল সেই কেই দিনতেই তেওঁ স্কুলৰ ব্যৱহাৰৰ উপযুক্ত ভাল ভাল অসমীয়া পুথি লিখি নাম চিৰস্মৰণীয় কৰিলে। তুমি আজিলৈকে যি যি কৰিছা তাত প্ৰকৃত অসমীয়া নাম