সমললৈ যাওক

পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
আৰ্হি-চৰিত

বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল। তেওঁ সততে প্ৰজাৰ দুখত দুখী আৰু প্ৰজাৰ সুখত সুখী হৈছিল। এই কথা তেওঁৰ মুখৰ পা কোনোৱে শুনা নাই, কিন্তু তেওঁৰ কাৰ্য্যে তাক বঢ়িয়াকৈ প্ৰমাণ কৰিছিল। সঙ্গতিহীন দুখীয়া প্ৰজাবিলাকে যথা সময়ত ৰজাৰ খাজানা শোধাব নোৱাৰিলে তাৰ বাবে সিহঁতক তেওঁ কেতিয়াও টানি নধৰিছিল; যিবিলাক প্ৰজা বাস্তৱতে উপায়- হীন আৰু ৰাজহ দিবলৈ অপাৰগ, সিবিলাকৰ খাজানা তেওঁ আগধৰি নিজৰপৰা শোধাই লৈ পিচত সিবিলাকৰে সৈতে সুবিধা- জনক বন্দৱস্ত কৰি লয়। আৰু একেবাৰে যোত্ৰহীন প্ৰজাক আজৰি বতৰৰ কিছুকাল তেওঁৰ হাতী-গড় প্ৰভৃতি নিজা কাৰবা- ৰত খটাই আৰু লোকালবোৰ্ডৰ উজু কামত লগাই তেওঁৰ পাবলগা খাজানা উছল কৰাই লৈছিল। এই কাৰণেই তেও কোনো বছৰৰ মৌজাদাৰী কমিচন ঘৰলৈ নিবলৈ নাপাইছিল। আন কি এই বদান্যতাৰ বাবে পিচলৈ তেওঁ ঋণগ্ৰস্ত হব লগাত পৰিছিল। চৰ্কাৰী বিষয়া হৈ তেওঁ এনে উদাৰ আৰু দয়ালু হবলৈ গলে নিজৰ গাৰ ফালে টান পৰে এই কথা জানিও তেওঁ সেই প্ৰকৃতি সলাব নোবাৰিছিল। আন কি তেওঁৰ পৰম হিতৈষী ওপৰওৱালা কৰ্ণেল মেক্সওৱেল আৰু মিঃ গ্ৰীমুড চাহাবে তেওঁক এই বিষয়ে ভালেমান বুজনি দিও তেওঁৰ সেই স্বভাৱ গুচাব নোৱাৰিছিল।

 ঘিণাৰাম বৰুৱাৰ মৌজাদাৰীৰ আগছোৱাত চৰ্কাৰক কুলি দিয়া প্ৰথা প্ৰবল আছিল। সেই সময়ত ৰজাৰ ডঁৰিত পৰি