পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
আৰ্হি-চৰিত

আৰু প্ৰশংসা পাইছিল। বৰঞ্চ, ইসকলৰ ওচৰত তেওঁ তাৰ উপৰিও মৰম-চেনেহৰ পাত্ৰ হৈ উঠিছিল। এই সকল হাকিমৰ ভিতৰত ৺ দীননাথ বেজবৰুৱা, ৺ পূৰ্ণানন্দ বৰুৱা, মিষ্টাৰ কাশীনাথ বৰুৱা, মৌলবা নজমল হোচেন আহ্মদ, এই সকলেই প্ৰধান। বেজবৰুৱা ডাঙ্গৰীয়াই ঘিণাৰাম বৰুৱাৰ চৰিত্ৰত মুগ্ধহৈ তেওঁক নিজৰ পূত্ৰবৎ স্নেহ কৰিছিল। ৺ পূৰ্ণানন্দ বৰুৱাই ঘিণাৰাম বৰুৱাৰ বুদ্ধি আৰু অভিজ্ঞতাৰ চিনাকি পাই তেওঁৰে সৈতে বৰ মিলা-প্ৰীতি আৰু প্ৰণয় ভাব ৰাখি চলিছিল। মিষ্টাৰ কাশীনাথ বৰুৱাই বৃদ্ধ ঘিণাৰাম বৰুৱাৰ উদাৰ প্ৰকৃতি আৰু ওখ মনৰ চিন পাই তেওঁক সততে নিজৰ অভিভাবকৰ দৰে ভক্তি কৰিছিল। মৌলবী নজমল হুচেন আহ্মদ এঃ এঃ কমিচনাৰ চাহাবে ঘিণাৰাম বৰুৱাৰ গুণ-জ্ঞানত মোহিত হৈ তেঁওৰ প্ৰতি সততে ভক্তি আৰু সম্মান দেখুৱাইছিল; আৰু যেই সেই ঘৰুৱা বা নিজা ডাঙ্গৰ আৰু বিশ্বাসী কামত মৌলবী চাহাবে মৌজাদাৰ ডাঙ্গৰীয়াৰে সৈতে পৰামৰ্শ কৰি তেওঁৰ উপদেশ লৈছিল। এই বিলাক কাৰণতে তেওঁ এটাৰপৰা দুটা, তাৰ পৰা তিনটা আৰু তাৰপৰা চাইটা মৌজাৰ মৌজাদাৰ হৈ গৱৰ্ণমেণ্টৰপৰাও সুখ্যাতি লাভ কৰি- ছিল। আৰু তেওঁৰ বিস্তৰ মহৎ কাৰ্য্যৰ শলাগনী লৈ ৺মহাৰাণী ভাৰতেশ্বৰী ডিক্টোৰীয়াৰ ৬১ বছৰীয়া ‘জুবিলী’ দৰবাৰত তেওঁক সম্মানী পত্ৰ (Honour certificate) দিয়া হৈছিল।

 “প্ৰজাক পুত্ৰৰূপে দেখিব লাগে” ইও এফাঁকি ঘিণাৰাম